নেচনেল ডেস্ক, 8এপ্ৰিল: ন্যায়ধীশৰ সন্মুখত ব্লেডেৰে ডিঙি কাটি আদালতৰ ভিতৰত চাঞ্চল্যৰ সৃষ্টি কৰে এজন কাৰাবন্দীয়ে ৷ এই ঘটনা সংঘটিত হৈছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত ৷ মূলত:পাণ্ডিয়ান নামৰ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডীত কাৰাবন্দী গৰাকীয়ে অভিযোগ কৰিছিল যে, দীৰ্ঘদিনে কাৰাগাৰৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল ৷ হত্যাৰ গোচৰত দোষী পাণ্ডিয়ানক দিয়া হৈছিল যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ ৷ তেওঁৰ নামতে থকা আন এটা গোচৰৰ শুনানিৰ বাবে মাদ্ৰাজ উচ্চ ন্যায়ালয় চৌহদৰ ভিতৰত চতুৰ্থ অতিৰিক্ত সত্ৰ আদালতৰ ন্যায়াধীশ ৰবিৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল পাণ্ডিয়ানক ৷ কিন্তু হঠাতে তেওঁ আগৰে পৰা হাতত লুকুৱাই ৰখা ব্লেডেৰে নিজৰ ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা চলায় তদুপৰি তেওঁক কৰা অত্যাচাৰৰ বিচাৰ কৰিবলৈ দাবী জনায় ।
তেওঁ লগতে কয় যে,এই সন্দৰ্ভত তেওঁ এখন পত্ৰ লিখিব আৰু ইয়াৰ ওপৰত ব্যৱস্থা ল'বলৈ অনুৰোধ কৰিব।এই ঘটনাৰ পিছত,আৰক্ষীয়ে লগে লগে তেওঁক চিকিৎসাৰ বাবে ষ্টেন'লী চৰকাৰী চিকিৎসালয়লৈ স্থানান্তৰিত কৰে ৷ বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : নিৰ্বাচন শেষ, কৰ'ণা আৰম্ভ..