বিশ্বনাথ, ৮ নৱেম্বৰ : ৰাজ্যত যেন ড্ৰাগছ আৰু অবৈধ নিচা যুক্ত সামগ্ৰী এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ যিমানেই আৰক্ষীয়ে নতুন নতুন অপৰাধীক আটক কৰিছে সিমানেই নতুন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ সমূহ ৷ পিছে, এৰি দিয়া নাই অসম আৰক্ষীয়েও ,একে সময়তে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলা আৰক্ষীয়েও অব্যাহত ৰাখিছে নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান ।
সোমবাৰে বিশ্বনাথ জিলা আৰক্ষীৰ এটা দলে অভিযানত জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰিৰ চাহ বাগিচাৰ ৫ নং লাইনৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাসহ জব্দ কৰে নগদ ৩,১১,১৮০ টকা । এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু ডি এছ পি জয়ন্ত বৰুৱাৰ নেতৃত্বত জিনজিয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ লগতে ৩০ নং অৰ্ধ সামৰিক বাহিনীৰ এটা দলে চলাই এক বিশেষ অভিযান ৷
এই অভিযানত বিশ্বনাথৰ বাঘমাৰি চাহ বাগিচাৰ ৫ নং লাইনৰ মালতী তাতী নামৰ মহিলা গৰাকীৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈ বৃহৎ পৰিমানৰ গাঞ্জা সহ ধন খিনি ৷
উল্লেখ্য যে, এই মহিলা গৰাকীৰ ঘৰত বহু দিনৰ পৰাই অবৈধ গাঞ্জাৰ ব্যৱসায় চলি আহিছিল বুলি জানিব পাৰে আৰক্ষীয়ে । অৱশেষত সোমবাৰে বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী দলটোৱে অবৈধ গাঞ্জা ব্যৱসায়ী মহিলা গৰাকীৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জাখিনি জব্দ কৰাত স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস লৈছে । আনহাতে, অভিযানকাৰী আৰক্ষীৰ দলটোৱে অবৈধ গাঞ্জা মজুত ৰখা মালতী তাতী নামৰ মহিলাগৰাকীকো সোধা-পোছাৰ বাবে আটক কৰে ।
লগতে পঢ়ক : লুৰীণলৈ বুলি একেই আছেনে ৰাইজৰ মৰম ?