ETV Bharat / crime

আৰক্ষীৰ অভিযানত নষ্ট লিটাৰে লিটাৰে চুলাই - police destroyed country liquor in moran

মৰাণত অবৈধ চুলাই মদ(country liquor)ৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷ আৰক্ষীৰ অভিযানত তিনিটাকৈ অবৈধ চুলাই ভাটি উচ্ছেদ ৷ অবৈধ চুলাই ভাটিৰ পৰা ক'ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে চুলাই ভাটিৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে আৰক্ষীৰ অভিযান ৷

Illegal liqueur Seized By Police At Moran, Dibrugarh District
মৰাণত চুলাই ঘাটিত নষ্ট লিটাৰে লিটাৰে চুলাই
author img

By

Published : Jul 12, 2021, 9:56 PM IST

মৰাণ, 12 জুলাই: বিভিন্ন জিলাৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো ড্ৰাগছ(Drugs) তথা নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী(Dibrugarh Police)এ তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ অবৈধ চুলাই ভাটিৰ পৰা ক'ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে মৰাণত সোমবাৰে আৰক্ষীয়ে অবৈধ চুলাই (country liquor)ভাটিৰ বিৰুদ্ধে অভিযান চলায় ৷ ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লীলাকান্ত চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই অভিযান চলায় ৷

Illegal liqueur Seized By Police At Moran, Dibrugarh District
মৰাণত চুলাই ঘাটিত নষ্ট লিটাৰে লিটাৰে চুলাই

এই অভিযানত আৰক্ষীয়ে খোৱাং চেনীমাৰী গাঁও আৰু খোৱা আঠাবাৰী গাঁৱত প্ৰায় 300 লিটাৰ চুলাই আৰু চুলাই প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে ৷ লগতে তিনিটাকৈ অবৈধ চুলাই ভাটি উচ্ছেদ কৰে । উল্লেখ্য যে, ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে একাংশই অবৈধভাৱে চুলাইৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে । এনে সময়ত খোৱাং আৰক্ষী থানাৰ পদক্ষেপক সকলোৱে শলাগ লোৱাৰ লগতে অঞ্চলটোৰ অন্য স্থানতো অবৈধ চুলাই ভাটিৰ বিৰুদ্ধে অভিযান চলাবলৈ আহ্বান জনাইছে ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ দেওবাৰে গোলাঘাট জিলাৰ বোকাখাত মহকুমাধিপতিৰ নেতৃত্বত আবকাৰী বিভাগৰ সহযোগত অবৈধ চুলাই মদৰ বিৰুদ্ধে চলোৱা হয় এক অভিযান ৷ আৰক্ষীৰ অভিযানত বোকাখাতৰ খতিয়াখলি ভূঞা গাঁৱত শ-শ লিটাৰ চুলাই মদ জব্দ কৰাৰ লগতে চুলাই মদ প্ৰস্তুত কৰা বহু সা- সামগ্ৰী নষ্ট কৰে । ইয়াৰোপৰি, কুৰুৱাবাহী অঞ্চলৰ খতিয়াখলি, ভূঞা গাঁও, নিকৰি, যুগল গাঁৱকে আদি কৰি বহুকেইখন গাঁৱতো আৰক্ষীয়ে অভিযান চলায় ৷

উল্লেখ্য যে, আৰক্ষীয়ে অভিযান চলাই বহু লোকৰ তামোল-পান বাৰীৰ পৰা শ-শ লিটাৰ চুলাই জব্দ কৰা ঘটনাই সকলোকে হতচকিত কৰি তুলিছে ৷ লকডাউন(lockdown)ৰ মাজতো বৃহত্তৰ অঞ্চলটোত অসাধু চক্ৰই চুলাই মদৰ ৰমৰমীয়া বেহা চলাই আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷

লগতে পঢ়ক-তামোল-পাণৰ পৰিৱৰ্তে বাৰীত ওলাইছে চুলাই মদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.