ETV Bharat / crime

ডাঙৰী বনাঞ্চলৰ ভিতৰত অবৈধ চুলাইৰ ঘাটি: কুম্ভকৰ্ণৰ নিদ্ৰাত বন বিভাগ !

author img

By

Published : Jul 14, 2021, 10:03 PM IST

তিনিচুকীয়া জিলাৰ ডাঙৰী বনাঞ্চলত অবৈধ চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযানত ৯ টাকৈ চুলাইৰ ঘাটি উচ্ছেদ কৰাৰ লগতে প্ৰায় ৯ হাজাৰ লিটাৰ অবৈধ চুলাই মদ নষ্ট কৰা হয় ৷

Police crackdown on illegal lacquer At Dangori,Tinsukia District
ডাঙৰী বনাঞ্চলত 9 হাজাৰ লিটাৰ অবৈধ চুলাই নষ্ট

শদিয়া, 14 জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ আৰু অবৈধ চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷ সমান্তৰালকৈ তিনিচুকীয়া জিলাতো ইয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ বুধবাৰেও এক গোপন সূত্ৰৰ পম খেদি কাকপথাৰ আৰক্ষী (Kakopothar Police) আৰু স্থানীয় সাংবাদিকৰ এটা দলে ডুমডুমা বন সংমণ্ডল অধীনৰ কাকপথাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডাঙৰী বনাঞ্চলত পুৱাৰে পৰা ধাৰাষাৰ বৰষুণকো নেওচি এক অভিযান চলায় ৷

অবৈধ চুলাই বিৰোধী এই অভিযানত প্ৰায় ৯ হাজাৰ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে ৯ টাকৈ অবৈধ চুলাই ঘাটি উচ্ছেদ কৰে আৰক্ষীৰ দলটোৱে ৷ অৱশ্যে চুলাই সৰবৰাহকাৰী সকলে আৰক্ষীৰ উমান পাই পলায়ন কৰিবলৈ সক্ষম হয় ৷ আনহাতে, যেতিয়ালৈ এই অবৈধ চুলাই তথা নিচা জাতীয় সামগ্ৰী সৰবৰাহ বন্ধ নহ'ব, তেতিয়ালৈ ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে কাকপথাৰ আৰক্ষী বিষয়া সকলে ৷

আৰক্ষীৰ দলটোৱে আবকাৰী বিভাগৰ (Excise department) লগতে বন বিভাগৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে ৷ কাৰণ এখন সংৰক্ষিত বনাঞ্চলত অসাধু ব্যৱসায়ীয়ে বন ধ্বংস কৰি এইদৰে বৃহৎ বৃহৎ চুলাই ঘাটি স্থাপন কৰি মুকলিকৈ অবৈধ চুলাইৰ সৰবৰাহ চলাই অহাৰ পিছতো কাকপথাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে সেইটো লক্ষণীয় ৷

ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ সময়ত আবকাৰী বিভাগে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিছিল যদিও ইয়াৰ বিপৰীতে গা-এৰা স্থিতিহে গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ৷ অতি শীঘ্ৰে বনাঞ্চলত চলি থকা অবৈধ চুলাই ঘাটি সমূহ উচ্ছেদ কৰাৰ লগতে অবৈধ চুলাই সৰবৰাহকাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-'জ'কাৰ' শব্দক লৈ উত্তাল হ'ল বিধানসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.