চিৰাং, 20 জুলাই : চিৰাঙত সোমবাৰে দুটা গৰুসহ এজন গৰু চোৰক আৰক্ষীয়ে আটক কৰে । জিলাখনৰ ৰুনিখাতাৰ পৰা ঢালিগাঁও আৰক্ষীয়ে আটক কৰে গৰু চোৰটোক বাকী কেইজন চোৰ পলাই যাবলৈ সক্ষম হয় । এখন চৰকাৰী এএচ ০১টি-০০২২ নম্বৰৰ স্ক'ৰপিঅ' বাহনৰে বিক্ৰী কৰিবলৈ আনি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে চোৰজনক ৷ ধৃত চোৰ জনৰ নাম কুমুদ নাৰ্জাৰী বুলি জানিব পৰা গৈছে ৷
সোমবাৰে ঢালিগাঁও থানাৰ সহকাৰী উপ পৰিদৰ্শক সঞ্জিৱ চৌধুৰীয়ে এখন স্ক'ৰপিঅ' বাহনেৰে লৈ যোৱা প্ৰত্যক্ষ কৰে ৷ লগে লগে বাহনখনৰ পিছ লয় আৰক্ষীয়ে ৷ প্ৰায় ২৫ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পাছত ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতাৰ থাইচোবাৰী অঞ্চলৰ পৰা বাহনসহ চোৰজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ইফালে বাহনখনৰ পৰা দুটা গৰু জব্দ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি ঢালিগাঁও থানাত আছে গৰু দুটা, বাহনখনৰ লগতে চোৰজন ।
উল্লেখ্য যে, জব্দকৃত বাহনখন পঞ্জীয়ন হৈ আছে এডিচনেল প্ৰিন্সিপাল চেক্ৰেটাৰীৰ নামত । ইয়াক লৈও সৃষ্টি হৈছে আন এক ৰহস্যৰ । এই সন্দৰ্ভত আৰক্ষীয়ে সদৰি কৰা নাই কোনো তথ্য।
আৰক্ষীৰ তদন্তত ওলাই পৰিব বিতং তথ্য । বিলাসী বাহনেৰে চহৰাঞ্চলৰ পৰা চুৰি কৰা গৰুসমূহ ভাৰত-ভূটান সীমান্তৰ ভিতৰুৱা অঞ্চলত বিক্ৰী কৰে বুলি ধৃত কুমুদ নাৰ্জাৰীয়ে স্বীকাৰ কৰে ৷ বঙাইগাঁৱত থকা তেওঁৰ আন কেইজনমান সতীৰ্থ চোৰে বঙাইগাঁও তথা চিৰাঙৰ চহৰ অঞ্চলৰ পৰা গৰুসমূহ চুৰি কৰি স্কৰপিঅ' বাহনেৰে আনি ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতাৰ ভিতৰুৱা অঞ্চলত অঞ্চলত বিক্ৰী কৰে ।
![one Thief arrested with cattle and Scorpio car By Police At Chirang District](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-chirangonearrestwithcattleandscorpiocar-vis-10012_19072021230819_1907f_1626716299_567.jpg)
ইতিমধ্যে এই সন্দৰ্ভত ঢালিগাঁও থানাৰ আৰক্ষীয়ে আনকেইজন চোৰক বিচাৰি তদন্ত আৰম্ভ কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, ছাপাগুৰী প্ৰথম খণ্ড(বেংতল গেট)অঞ্চলৰ কৰিন চন্দ্ৰ বৰ্মনৰ গৰু এটা দেওবাৰৰ পৰা বিচাৰি পোৱা নাছিল । অৱশ্যে সোমবাৰ ঢালিগাঁও আৰক্ষীয়ে গাড়ীসহ গৰু জব্দ কৰা বুলি জানিব পাৰি থানালৈ আহি গৰুটো নিজৰ বুলি চিনাক্ত কৰে।
দীৰ্ঘ দিন ধৰি বঙাইগাঁও চহৰ, দোলাইগাঁও, ঢালিগাঁও,কুকুৰমাৰী,ছাপাগুৰি অঞ্চলৰ বহু লোকৰ গৰু চুৰি হৈ আছে । এই গৰু চুৰি কাণ্ডৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখে আৰক্ষীয়ে ৷ তেনেএটা অভিযানতে হাতেলোটে গৰু সহ চোৰ ধৰিবলৈ সক্ষম হোৱা বুলি জনায় ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পবন গায়নে । অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷