ETV Bharat / crime

ৰাইজে উত্তম-মধ্যম দি আৰক্ষীক গতালে ইৰাণী গ্ৰুপৰ সদস্যক - গ্ৰাহক

হোজাইত গ্ৰাহকৰ পৰা ধন লুটিবলৈ চেষ্টা চলাওতেই ৰাইজে আটক কৰিলে এজন ইৰাণী গ্ৰুপৰ সদস্যক ৷ ধৃত সদস্যজন বিহাৰৰ (Bihar) কৃষ্ণ মাহতু বুলি জানিব পৰা গৈছে ৷

One thief Arrested By Public At Hojai
ৰাইজে উত্তম-মধ্যম দি আৰক্ষীক গতালে ইৰাণী গ্ৰুপৰ সদস্যক
author img

By

Published : Jul 27, 2021, 2:08 PM IST

হোজাই, 27 জুলাই : ক'ভিড সৃষ্ট ভয়ংকৰ পৰিৱেশৰ মাজতেই ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে বহু অপাধজনিত ঘটনা ৷ তেনে এক ঘটনা সোমবাৰে সংঘটিত হয় হোজাই জিলাৰ লংকাত ৷ জিলাখনৰ লংকাৰ ভাৰতীয় ষ্টেট বেংক এজন গ্ৰাহকে বেংকৰ পৰা ধন উলিয়াই অনাৰ সময়তেই এটা ইৰাণী গ্ৰুপৰ সদস্যই ধনখিনি কাঢ়ি নিয়াৰ চেষ্টা চলায় । অৱশ্যে ধনখিনি কাঢ়ি নিয়াৰ পৰা কোনোমতে ৰক্ষা পৰে ৷

উল্লেখ্য যে, সোমবাৰে ভাৰতীয় ষ্টেট বেংক (State Bank Of India) ৰ লংকা শাখাৰ পৰা (Longka Branch) গ্ৰাহক এজনে টকা উলিয়াবলৈ আহিছিল । গ্ৰাহকজন লংকাৰ ইব্ৰাহিম আলী বুলি জানিব পৰা গৈছে ৷ ইব্ৰাহিমে বেংকৰ পৰা 40,000 (চল্লিশ হাজাৰ) টকা উলিয়াই ৷ ধনিখিনি উলিয়াই অহাৰ সময়তে এজন ইৰাণী গ্ৰুপৰ লোকে প্ৰথমে কথা পাতে ৷ কথা পতাৰ মাজতেই অন্য এজন ইৰাণী গ্ৰুপৰ সদস্যই ইব্ৰাহিমৰ হাতৰ পৰা ধনৰবেগটো ঠপিয়াই পলায়ন কৰে বুলি গ্ৰাহকজনে সদৰি কৰে।

লগতে পঢ়ক-ডবকাত বন বিভাগৰ অভিযান

ইফালে ঘটনা সংঘটিত হোৱাত ইৰাণী গ্ৰুপটোৰ সদস্যজনক পিচে পিচে খেদি যায় ইব্ৰাহিমে ৷ বেংকটোৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত্বত ৰাইজৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় ইৰাণী গ্ৰুপৰ এজন সদস্যক ।

আনহাতে, গ্ৰুপটোৰ আন দুজন সদস্য পলায় যাবলৈ সক্ষম হয় ৷ ধৃত সদস্যজনৰ নাম কৃষ্ণ মাহতু ৷ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে । ইফালে ৰাইজে উত্তম-মধ্যম শোধাই লংকা আৰক্ষীক গতাই দিয়ে কৃষ্ণ মাহতুক। ইতিমধ্যে লংকা আৰক্ষীয়ে কৃষ্ণ মাহতুকআটক কৰাৰ লগতে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক-নগাঁও আৰক্ষীৰ জালত ড্ৰাগছসহ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.