ETV Bharat / crime

কিয় বছৰৰ পহিলা দিনটোতে আত্মহত্যাৰ পথ ল’লে আবজল আৰু নাজিমাই ?

বছৰৰ প্ৰথমটো দিনটোতে ডিঙিত চিপ লৈ একেলগে স্বামী-স্ত্ৰীৰ আত্মহত্যা (Husband and wife commits suicides together in Cachar) ৷ পৰিয়ালৰ লোকে ক’লে এইয়া আত্মহত্যা নহয় হত্যা, জানো আহক ক’ত কিয় সংঘটিত হ’ল ঘটনা ৷

author img

By

Published : Jan 2, 2022, 6:56 PM IST

newly-wed-husband-and-wife-commits-suicide-in-cachar
কিয় বছৰৰ পহিলা দিনটোতে আত্মহত্যাৰ পথ ল’লে আবজল আৰু নাজিমাই ?

শিলচৰ, 2 জানুৱাৰী : বছৰৰ প্ৰথমটো দিনটোতে অৰ্থাৎ শনিবাৰে সংঘটিত হোৱা এক শোকাৱহ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কাছাড়ৰ কাটিগড়াত । ডিঙিত চিপ লৈ একেলগে স্বামী-স্ত্ৰীয়ে কৰিলে আত্মহত্যা (Couple commits suicide) ৷ জানিব পৰা মতে, কাছাড়ৰ কাটিগড়া বৰইতলিৰ বাসিন্দা আবজল হুছেইন আৰু নাজিমা বেগমৰ মৃতদেহ নিজ ঘৰতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় ৷ প্ৰতিৱেশী লোকসকলে মৃতদেহ দুটা প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷

ইয়াৰ পিছতে ঘটনস্থলীত উপস্থিত হৈ আৰক্ষীয়ে স্বামী-স্ত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰৰেণ কৰে ৷ স্বামী-স্ত্ৰীৰ একেলগে আত্মহত্যাৰ খবৰটো অঞ্চলটোত বিয়পি পৰাৰ লগে লগে ৰাইজৰ ভিৰৰ সৃষ্টি হয় ৷ কি কাৰণে দুই স্বামী-স্ত্ৰীয়ে একলগে আত্মহত্যা কৰিব লগা হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে (Couple suicide mystery in Cachar) ৷ আনহাতে, জানিব পৰা গৈছে যে মৃত আবজল আৰু নাজিমা আছিল নৱ-বিবাহিত দম্পতী ৷

দুয়োৱে বৈবাহিক জীৱনত একেলগে পাৰ কৰিছিল মাত্ৰ ৭ মাহ ৷ ইফালে, এই ঘটনাৰ পিছত নাজিমা বেগমৰ পৰিয়ালে অভিযোগ কৰিছে যে, তেওঁলোকৰ কন্যা আৰু জোঁৱায়েকত হত্যা কৰা হৈছে এতিয়া এই ঘটনা সন্দৰ্ভত তেওঁলোকে উচিত তদন্তৰ দাবী জনাইছে আৰক্ষী বিভাগক ৷

লগতে পঢ়ক : Encounter in Jorhat : পছা গুলিবদ্ধ হোৱাত হৰিজন কলনিৰ বাসিন্দাসকলৰ আনন্দ উলাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.