নগাঁও, 11 জানুৱাৰী : নগাঁও পৰিবহন বিভাগৰ কাৰ্যালয়তে দুৰ্নীতিৰ মুকলি বেহা আৰম্ভ কৰাৰ অভিযোগত আনন্দ মিশ্রৰ জালত পৰিল নগাঁৱৰ এম ভি আই হেমেন দাস (MVI officer arrested in Nagaon for corruption allegation ) । অভিযোগ অনুসৰি, উৎকোচ অবিহনে কোনো কামেই নকৰা নগাঁও পৰিবহন বিভাগৰ এম ভি আই হেমেন দাসে এখন বাহনৰ ফিটনেছ চাৰ্টিফিকেট দিয়াৰ নামত দাবী কৰিছিল ৩৫ হাজাৰ টকা (MVI officer arrested in Nagaon for demanding bribe)। এই কাম কৰিয়েই ফান্দত পৰিল বিষয়াজন ।
৩৫ হাজাৰ টকা উৎকোচ বিচৰা হেমেন দাসৰ ঘৰতো অভিযান চলাই নগদ চাৰি লাখ টকা জব্দ কৰাৰ লগতে কাৰ্যালয়ৰ পৰা ২ লাখ ১৭ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । এখন বাহনৰ ফিটনেছ চাৰ্টিফিকেট দিয়াৰ নামত ৩৫ হাজাৰ টকা দাবী কৰা এম ভি আই হেমেন দাসক উৎকোচ লোৱাৰ অভিযোগত অভিযান চলাই কাৰ্যালয়ৰ পৰাই আটক কৰে নগাঁৱৰ আৰক্ষীয়ে ।
মঙলবাৰে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই এম ভি আই হেমেন দাসৰ লগতে তেওঁৰ আন তিনি সহযোগীক গ্ৰেপ্তাৰ কৰে (Team Ananda Mishra arrests corrupt MVI officer) । উল্লেখযোগ্য যে, এম ভি আই হেমেন দাসে পূৰ্বৰ পৰাই উৎকোচৰ মুকলি বেহা চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷
লগতে পঢ়ক : ভুৱা এনকাউণ্টাৰৰ বিস্তৃত শপতনামা দাখিলৰ বাবে ৰাজ্যৰ গৃহ বিভাগক দুসপ্তাহৰ সময় উচ্চ ন্যায়ালয়ৰ