ৰঙিয়া, 23 জুলাই : ৰঙিয়াৰ ততাৰকুছিত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ এটা পৰিত্যক্ত গৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে কিশোৰৰ মৃতদেহ ৷ আচাৰ আলী নামৰ লোকজনৰ 14 বছৰীয়া পুত্ৰ চহিদুল ইছলামক কোনো দুৰ্বৃত্তই হত্যা কৰি এইদৰে থৈ যোৱা বুলি অভিযোগ কৰিছে পৰিয়ালে ৷ ঈদৰ আগদিনা অৰ্থাৎ যোৱা মঙলবাৰৰ পৰাই চহিদুল আলী নিৰুদ্দেশ হৈ আছিল বুলি পৰিয়ালে সদৰি কৰিছে ৷
দুদিনধৰি চহিদুলক বিচাৰি পৰিয়ালে হাহাকাৰ কৰিবলগীয়া হৈছিল ৷ অৱশেষত বৃহস্পতিবাৰে ততাৰকুছি গাঁওখনৰে এটি পৰিত্যক্ত ঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় চহিদুলৰ মৃতদেহ । পৰিয়ালৰ ভাষ্য অনুসৰি কোনো দুৰ্বৃত্তই চহিদুলক হত্যা কৰি ঘৰটোৰ বাৰাণ্ডাত ওলমাই থৈছে । চহিদুলৰ হাত-ভৰিত আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ ইয়াৰ পৰাই এইটো হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে চহিদুলৰ পৰিয়ালে ।
ইফালে চহিদুলৰ হত্যাৰ লগত জড়িত বুলি আঙুলি টোৱাইছে গাঁওখনৰে এটা পৰিয়াললৈ । এটি মিউজিক বক্স চুৰিক লৈ মঙলবাৰে পৰিয়ালটোৰ দুজন লোকে চহিদুলক মৃত্যুৰ ভাবুকি দিছিল বুলি চহিদুলৰ পৰিয়ালে অভিযোগ কৰে । সেইদিনাৰ পৰাই ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল চহিদুল ।
অৱশেষত বৃহস্পতিবাৰে পৰিত্যক্ত ঘৰটোত চহিদুলৰ মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ উত্তেজনা বিয়পি পৰে অঞ্চলটোত । উক্ত ঘটনাটো স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে । ইতিমধ্যে ঘটনাস্থলীত দণ্ডাধীশৰ লগতে আৰক্ষীৰ এটা দল উপস্থিত হয় ৷ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে । উক্ত ঘটনাটোৰ বাবে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে ।
ইফালে স্থানীয় গাঁওবাসীয়ে চহিদুল ইছলামৰ এই ঘটনাটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি সাংবাদিকৰ আগত অভিযোগ কৰে ৷ অতিশীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত লোকক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে আৰক্ষীক । আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷
লগতে পঢ়ক-Pegasus কাণ্ড : তালিকাত সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নাম