হোজাই, 2 আগষ্ট : প্ৰথমে ছচিয়েল মেডিয়া(social media)ত চিনাকি তাৰ পিছত ঘনিষ্ঠ বন্ধুত্ব ৷ দেখাত একেবাৰে সাধাৰণ কথা যেন লাগিলেও হোজাই জিলাৰ কাকীৰ জানমণিৰ জীৱনত ঘটা এই ঘটনা এতিয়া সাধাৰণ হৈ থকা নাই ৷ জানমণিৰ শিক্ষাগত অৰ্হতা বুলিবলৈ বিশেষ নাই যদিও ছচিয়েল মেডিয়াত যথেষ্ট সক্ৰিয় ৷ ফেচবুক(facebok friend)ৰ জৰিয়তে বন্ধু মহলত বেছ জনপ্ৰিয় তেওঁ ৷
জানমণিৰ স্বামী ইন্দ্ৰ বৰা নিতৌ পুৱাই ওলাই আহে কাকী চাৰিআলিৰ ফুটপাঠত চাহ, ৰুটি আদি বিক্ৰী কৰিবলৈ ৷ সেই সময়খিনিৰ সুযোগ ভালদৰে গ্ৰহণ কৰি জানমণিয়ে সামাজিক মাধ্যমত যথেষ্ট গুৰুত্ব প্ৰদান কৰে ৷ এইদৰে ফেচবুকৰ জৰিয়তেই এজন আৰক্ষী জোৱানৰ সৈতে চিনাকি হ’ল জানমণিৰ ৷ ফেচবুকৰ চিনাকি জোৱানজনৰ সৈতে ভাল বন্ধুত্ব হ’ল জানমণিৰ ৷
যোৱা ১৯ এপ্ৰিল তাৰিখে চিকিৎসাৰ কাৰণে নগাঁৱৰ হাস্পতাললৈ যোৱাৰ বাবে স্বামী ইন্দ্ৰই বাছত উঠাই দিছিল পত্নী জানমণিক ৷
পিছে, আদবাটতে লংকাৰ এজন জোৱানক লগ পাই বাছৰ পৰা নামি বিলাসী বাহনত উঠিল মহিলাগৰাকী ৷ এই কথা বাছৰ চালক আৰু দুই এক প্ৰত্যক্ষদৰ্শীয়ে স্বামী ইন্দ্ৰ বৰাক অৱগত কৰে ৷ ২০ জুলাই তাৰিখে পত্নী জানমণি ঘৰলৈ অহাত স্বামীয়ে সোধাপোচা কৰে ৷ লংকা থানা(Lanka police station)ৰ এজন আৰক্ষী বাহিনীৰ লোকে কিবা ভিডিঅ’ ভাইৰেল কৰিম বুলি বলপূৰ্বকভাৱে তেওঁক উঠাই লৈ যায় বুলি স্বামীক ইন্দ্ৰক কৈ সকলো ঘটনা পিছত বিবৰি কোৱাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে জানমণিয়ে ৷
ইয়াৰ পিছত ২৪ জুলাই তাৰিখে আত্ম-সহায়ক গোটৰ কামত যাওঁ বুলি ওলাই যায় মহিলা গৰাকী ৷ স্বামীয়ে জনোৱা অনুসৰি এই যোৱাই ঘূৰি অহা নাই দুটাকৈ সন্তানৰ মাতৃ জানমণি বৰা নামৰ মহিলাগৰাকী ৷ জনৈক আৰক্ষী জোৱানে জানমণি বৰাক অপহৰণ কৰি লৈ যোৱা বুলি ইতিমধ্যে কাকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামী ইন্দ্ৰ বৰাই ৷ সম্প্ৰতি আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : তোলনীয়া কন্যাক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পিতৃ