ETV Bharat / crime

অসম বেটেলিয়নৰ কৰ্মচাৰীয়ে ধৰ্ষণ কৰিলে নাবালিকাক

কোকৰাঝাৰৰ চৰাইখোলাত সপ্তম অসম বেটেলিয়নৰ কৰ্মচাৰীৰ দ্বাৰা নাবালিকা কিশোৰীক ধৰ্ষণ । আৰক্ষীয়ে ইতিমধ্যে এজাহাৰৰ ভিত্তিত কোকৰাঝাৰ সদৰ থানাত পকচো (pocso) আইনৰ অধীনত গোচৰ ৰজু কৰি অভিযুক্ত শোভা ঠাকুৰক গ্ৰেপ্তাৰ কৰিছে ।

minor-girl-raped-in-soraikholakokrajhar
কিশোৰীক ধৰ্ষণ
author img

By

Published : May 15, 2021, 10:52 PM IST

কোকৰাঝাৰ, ১৫ মে : কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ চৰাইখোলাস্থিত সপ্তম অসম বেটেলিয়নৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শোভা ঠাকুৰে (৫৩) দীৰ্ঘদিন ধৰি নাৱালিকা এগৰাকীক ধৰ্ষণ কৰি অহাৰ ঘটনা শেহতীয়াভাৱে পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । কোকৰাঝাৰ সদৰ থানাত শিশু কল্যাণ সমিতিৰ সদস্য প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে দাখিল কৰা এজাহাৰ অনুসৰি সপ্তম অসম বেটেলিয়নৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শোভা ঠাকুৰে (৫৩) দীৰ্ঘদিন ধৰি নাৱালিকা এগৰাকীক ধৰ্ষণ কৰি আহিছিল ।

কিশোৰীক ধৰ্ষণ

দ্বাদশ শ্ৰেণীত পঢ়ি থকা নাৱালিকা গৰাকীক দীৰ্ঘদিন ধৰি শোভা ঠাকুৰে ধৰ্ষণ কৰি অহাৰ পৰিণতিতে নাৱালিকাগৰাকীয়ে দুবাৰকৈ আত্মহত্যাৰ চেষ্টা চলাইছিল আৰু ঘটনা সন্দৰ্ভত নিজ পিতৃ-মাতৃক অৱগত কৰিছিল যদিও কোনো সুফল লাভ কৰা নাছিল । অৱশেষত উক্ত দুৰ্বিষহ জীৱনৰ পৰা মুক্তি লাভৰ আশাৰে সমগ্ৰ ঘটনা সন্দৰ্ভত যুৱতী গৰাকীয়ে এগৰাকী বান্ধৱীক ওৱাটচএপ যোগে অৱগত কৰাৰ পিছতেই ঘটনাটো পোহৰলৈ আহে ।

আৰক্ষীয়ে ইতিমধ্যে এজাহাৰৰ ভিত্তিত কোকৰাঝাৰ সদৰ থানাত এক গোচৰ (নং ৩৭৩/২০২১) ৰজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ এবি আৰু পকচো (pocso) আইনৰ অধীনত গোচৰ ৰজু কৰি অভিযুক্ত শোভা ঠাকুৰক গ্ৰেপ্তাৰ কৰিছে । ইপিনে কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক শইকীয়াই কালি নিশাই অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি সদৰী কৰিছে । বৰ্তমানে ঘটনাটোৰ তদন্ত অব্যাহত আছে আৰু দোষীৰ বিৰুদ্ধে আইন অনুসাৰে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সদৰি কৰিছে ৷

লগতে পঢ়ক: হেমলাই চাহ বাগিছা অঞ্চলৰ পৰা দুই ধৰ্ষণকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.