ডিফু, ৭ জুলাই : বোকাজানত বুধবাৰে ৪০ লাখ টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । খটখটী আৰক্ষীৰ নাকা তালাচীত জব্দ হয় ৬২.৫৫ গ্ৰাম হেৰ'ইন । নম্বৰবিহীন এখন অট' বাহনত ৫ টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি । ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মহিবুৰ ৰহমান, আবিদ হুছেইন, আৰু ইমাদুৰ হুছেইন ।
আটাইৰে ঘৰ কৰিমগঞ্জত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । ডিমাপুৰৰ পৰা ৰে'লেৰে কৰিমগঞ্জলৈ নিয়াৰ প্ৰস্তুতি চলাইছিল বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । অসম- নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল সমূহত ড্ৰাগছৰ সৰবৰাহ সঘনে হোৱাৰ পৰিপ্ৰেক্ষিত তীব্ৰতৰ হৈছে আৰক্ষীৰ অভিযান ৷
আনহাতে, বুধবাৰে মৈৰাবাৰীৰ আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে ৷ ইয়াৰ লগতে এখন বিলাসী গাড়ীসহ 6 গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷ মঙলবাৰ পুৱা মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে মৈৰাবাৰী থানৰ অন্তৰ্গত পলাহজুৰী গাঁৱৰ আশ্বাদুল ইছলাম নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰখিনি ৷
আৰক্ষীয়ে জানিবলৈ দিয়া ১৪৯.৭৬ গ্ৰাম ব্ৰাউন চুগাৰ লগতে ১০০ টা কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷ ব্ৰাউন চুগাৰখিনিৰ লগতে নগদ ৫ লাখ ৫৪ হেজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ৷ দীৰ্ঘদিন ধৰি নাগালেণ্ডৰ ডিমাপুৰ, মণিপুৰ, অৰুণাচলৰ পৰা মৈৰাবাৰীলৈ চোৰাংভাৱে নিষিদ্ধ ড্ৰাগছৰ বেপাৰ চলাই আহিছিল উক্ত 6 জনীয়া ড্ৰাগছৰ চক্ৰটোৱে ৷
লগতে পঢ়ক-বেজৰ কথা শুনি মহিলাক ডাইনী সজাই আক্ৰমণ