ETV Bharat / crime

অসম-ত্ৰিপুৰা সীমান্তত বিলাতী সুৰা জব্দ

author img

By

Published : Jun 22, 2021, 8:12 AM IST

অবৈধ ব্যৱসায়, সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান ৷ অসম আৰক্ষীৰ তালাচীত অসম ত্ৰিপুৰা সীমান্তত পুনৰ বুজন পৰিমাণৰ সুৰা জব্দ ৷ জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় তিনি লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

illegal liquor seized in karimganj
কৰিমগঞ্জত অবৈধ সুৰা জব্দ

কৰিমগঞ্জ, 21 জুন: ৰাজ্যত অসম আৰক্ষীয়ে বিভিন্ন ধৰণৰ অবৈধ ব্যৱসায় তথা সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অসম আৰক্ষীয়ে ড্ৰাগছ আৰু গাঞ্জা জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীকো কৰায়ত্ব কৰিছে ৷ অসম ত্ৰিপুৰা-সীমান্তত তালাচী চলাই পুনৰ অসম আৰক্ষীয়ে বুজন পৰিমাণৰ সুৰা জব্দ কৰিছে বুলি জানিব পৰা গৈছে ৷

কৰিমগঞ্জত অবৈধ সুৰা জব্দ

কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে বলবৎ হৈ থকা আংশিক লক ডাউন আৰু সান্ধ্য আইনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি এচাম ব্যৱসায়ীয়ে নিচা জাতীয় সামগ্ৰী সৰবৰাহ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে কৰিমগঞ্জৰ চূড়াইবাৰী আৰক্ষীয়ে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা অসম হৈ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰালৈ সৰবৰাহৰ সময়ত বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ নাকা তালাচীত TR- 02H-1654 নম্বৰৰ এখন কণী কঢ়িয়াই নিয়া ট্ৰাকৰ পৰা ১৫০ কাৰ্টন বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে ৷ জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় তিনি লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে । আৰক্ষীয়ে গাড়ীৰ চালক বুলেট দেৱবৰ্মাক আটক কৰিছে । উল্লেখ্য যে, কণীৰ লগতে ট্ৰাকখনত প্লাষ্টিকৰ চকী, টেবুল ইত্যাদিও আছিল ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, সোমবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত আবকাৰী বিভাগে অভিযান চলাই অবৈধ সুৰাৰ লগতে এজন ব্যক্তিক আটক কৰে ৷ সোমবাৰে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে অৰুণাচলী সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত জিলাখনৰ বিভিন্ন প্ৰান্তত অৰুণাচলী সুৰাত অসমৰ লেবেল লগাই অবৈধভাৱে বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহে ৷

আৰক্ষীৰ এই অভিযানত 130 কাৰ্টন সুৰা আৰু 58 কাৰ্টন বিয়েৰ জব্দ হয় ৷ অৰুণাচলৰ সুৰাখিনিত অসমৰ লেবেল লগাই থাকোতে হাতে-লোটে ধৰা পৰে চাবুৱাৰ পংকজ গগৈ নামৰ সুৰাৰ ব্যৱসায়ীজন ৷

লগতে পঢ়ক : চাউদাম্পটনৰ বেলকনিৰ পৰা টছৰ ফটো শ্বেয়াৰ অনুস্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.