ETV Bharat / crime

বঙাইগাওঁ আৰক্ষীৰ অভিযানত বিলাতী সুৰা জব্দ

author img

By

Published : Jun 25, 2021, 11:01 AM IST

বঙাইগাঁৱৰ নিউ বঙাইগাঁও টুনীয়াপাৰত বঙাইগাঁও আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷ এজনক আটক ।

illegal-foreign-lequir-seized-by-bongaigaon-police
বঙাইগাওঁ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা

চিৰাং, 25 জুন: অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে অসম আৰক্ষী(Assam Police)ৰ অভিযান । বিশেষকৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে শেহতীয়াকৈ যথেষ্ট কঠোৰ হৈছে অসম আৰক্ষী । নিষিদ্ধ ড্ৰাগছৰ উপৰিও গাঞ্জা, সুৰা আদিৰ বিৰুদ্ধে বিভিন্ন জিলাত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । বৃহস্পতিবাৰে আৰক্ষীয়ে চলোৱা এক অভিযানত বঙাইগাঁৱত বৃহৎ পৰিমাণৰ বিলাতী সুৰাসহ এজন লোক আটক হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত নিউ বঙাইগাঁৱৰ টুনীয়াপাৰত গোপন সূত্ৰৰ ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে এক অভিযান চলায় ৷ আৰক্ষীৰ এই অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷ অভিযোগ অনুসৰি, আৰক্ষীৰ অভিযানত আটক হোৱা ইন্দ্ৰ সিং যাদৱ নামৰ লোকজনে দীৰ্ঘদিন ধৰি ৱাইন শ্বপ আৰু বাৰৰ দৰে অবৈধভাৱে সুৰা বিক্ৰী কৰি আহিছিল ।

জিলা সদৰ উপ-আৰক্ষী অধীক্ষক লুণা সোণোৱালৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নিউ বঙাইগাঁৱৰ উক্ত গৃহত অভিযান চলাই অবৈধ তথা চোৰাং বিলাতী সুৰাখিনি জব্দ কৰে । বিলাতী সুৰাৰ অবৈধ ব্যৱসায় চলাই অহা ইন্দ্ৰ সিং যাদৱক আটক কৰাৰ লগতে বঙাইগাঁও আৰক্ষীয়ে ইন্দ্ৰ সিং যাদৱৰ বিৰুদ্ধে ইতিমধ্যে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ৷

মন কৰিবলগীয়া যে, ইতিমধ্যে ড্ৰাগঢৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে প্ৰতিখন জিলাতে নিচাযুক্ত দ্ৰৱ্যৰ বিৰুদ্ধে প্ৰায় প্ৰতিদিনেই অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও অবৈধ ব্যৱসায়ীসকলে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰিবলৈ প্ৰতিদিনেই ন ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ সান্ধ্য আইনৰ মাজতে বঙাইগাঁৱত এনেদৰে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি ঘটনা যেন ইয়াৰে প্ৰমাণ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.