ETV Bharat / crime

আৰক্ষীৰ জালত পৰিল নাবালিকা ধৰ্ষণৰ অভিযুক্ত আব্দুছ

author img

By

Published : Jul 27, 2021, 12:14 PM IST

এগৰাকী নাবালিকাৰ ধৰ্ষণ গোচৰত অভিযুক্ত বৰপেটাৰোডৰ আব্দুছ ছাত্তাৰ আহমেদ দীৰ্ঘদিনৰে পৰা পলাতক অৱস্থাত আছিল ৷ দেওবাৰে নিশা বৰপেটাৰোড আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চেঙেলীয়াৰ পৰা আটক কৰিবলৈ সক্ষম হয় অভিযুক্ত জনক ৷

fugitive-accused-of-a-minor-rape-case-is-finally-arrested
অপেক্ষাৰ অন্ত: আৰক্ষীৰ জালত পৰিল নাবালিকা ধৰ্ষণৰ অভিযুক্ত আব্দুল

বৰপেটাৰোড, 26 জুলাই : বিগত বৰ্ষত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি দীৰ্ঘদিনৰে পৰা পলাতক অৱস্থাত আছিল এগৰাকী ধৰ্ষণৰ অভিযুক্ত(rape accused ) ৷ লোকজনক শেহতীয়াকৈ বৰপেটাৰোড আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷ অভিযুক্ত জনৰ নাম আব্দুছ ছাত্তাৰ আহমেদ বুলি জানিব পৰা গৈছে ৷ চেঙেলীয়া গাঁৱৰ ৪৫ বছৰীয়া আব্দুছ ছাত্তাৰ আহমেদৰ বিৰুদ্ধে আছে এগৰাকী নাবালিকাক ধৰ্ষণ(child rape) কৰাৰ অভিযোগ ৷

আব্দুছ ছাত্তাৰ আহমেদৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত এটি গোচৰ তৰিছিল নাবালিকা(minor) গৰাকীৰ পৰিয়ালে ৷ বৰপেটাৰোড আৰক্ষীয়ে গোচৰটো 518/2020 নম্বৰত পঞ্জীয়ন কৰি অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছিল ৷ কিন্তু, অভিযুক্ত আব্দুছ ছাত্তাৰ আহমেদক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল বৰপেটা আৰক্ষী(Barpeta police) ৷ অৱশেষত, দেওবাৰে অপেক্ষাৰ অন্ত পৰে আৰক্ষীৰ ৷

fugitive-accused-of-a-minor-rape-case-is-finally-arrested

শেহতীয়াকৈ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযুক্ত গৰাকীৰ সম্ভেদ লাভ কৰে ৷ এই অনুসৰি, নাবালিকা ধৰ্ষণৰ অভিযুক্ত আব্দুছ ছাত্তাৰ আহমেদক দেওবাৰে নিশা বৰপেটাৰোড আৰক্ষীয়ে চেঙেলীয়াৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ অভিযুক্ত লোকজনক U/S 376 AB IPC R/W sec.4 of POSCO ACT 2012 মৰ্মে সোমবাৰে বৰপেটা আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷
লগতে পঢ়ক: অনিয়ন্ত্ৰণত অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি: মিজোৰ গুলীত নিহত 6 অসম আৰক্ষীৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.