সৰুপথাৰ, 23 জুন : ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান ৷ শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বৃহৎ বৃহৎ পৰিমানৰ ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইয়াৰ মাজতে গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত পাভজান গাঁৱত আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে নিশা ড্ৰাগছসহ আটক কৰে ৪ জন যুৱকক ৷
ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ণ ভূঞা আৰু বৰপথাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া যোচেফ কেভমৰ নেতৃতত চলোৱা হৈছিল এই অভিযান ৷ আটকাধীন যুৱক কেইজনৰ তিনিজন ক্ৰমে চুনু শইকীয়া, শ্বাহিল আলী, ৰচিদ আলী বুলি জানিব পৰা গৈছে ৷ তিনিজনৰে ঘৰ বৰপথাৰত ৷ অন্যহাতে ৰাজু বেনাৰ্জী নামৰ বোকাজানৰ আন এজন যুৱককো আটক কৰিছে আৰক্ষীয়ে ।
যুৱক কেইজনৰ পৰা ১০ গ্ৰাম ওজনৰ হেৰ'ইন, এখন 05 K 4683 নম্বৰৰ স্কুটী, এটা মোবাইল হেণ্ডচেট আৰু 2900 টকা জব্দ কৰে আৰক্ষীয়ে ।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি যুৱক কেইজনে ধনশিৰি মহকুমাত নিজৰ অবৈধ কাৰ্যকলাপ চলাই যোৱাৰ উপৰিও তেঁওলোকৰ যোগসূত্ৰ বোকাজান, গোলাঘাট, ডিমাপুৰ আদি অঞ্চলৰ লগত আছিল বুলি জানিব পৰা গৈছে । ইফালে এই কাণ্ডৰ লগত জড়িত আৰু কেইবাজনো যুৱকৰ নাম আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে ৷ আটকাধীন যুৱক কেইজনক সোধ-পোছ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।