ETV Bharat / crime

জুলাই মাহত গুৱাহাটীত জেলত সোমাল 31 গৰাকী

author img

By

Published : Aug 3, 2021, 1:50 PM IST

কামৰূপ জিলাখনত জুলাই মাহত এক বিশেষ বিষয়ক অপৰাধত ৰুজু হৈছে 210 টা গোচৰ ৷ কাৰাগৰলৈ গৈছে 31 গৰাকী লোক ৷ কিন্তু কি এই বিশেষ বিষয়ক অপৰাধ ?

Excise Department Continue mission against illegal liquor in Kamrup District
জুলাই মাহতেই গুৱাহাটীত ২১০ টা গোচৰ আৰু ৩১ জনক জেললৈ প্ৰেৰণ কৰিলে কিয় ?

গুৱাহাটী, 3 আগষ্ট : গুৱাহাটী সদৰ আবকাৰী চক্ৰকে ধৰি কামৰূপ জিলা (Kamrup District)খনৰ আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জুলাই মাহত ৫৬ টা অভিযান চলায় । এই অভিযানত আবকাৰী আইনৰ অধীনত মুঠ ২১০ টা গোচৰ ৰজু কৰে । লগতে হাতে লোটে ধৰা পৰা ৩১ টা সুৰা সৰবৰাহকাৰীক আদালতৰ জৰিয়তে জে'ললৈ প্ৰেৰণ কৰা হয় । তেনেদৰে ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত ৪১ জনক আটক কৰি তেওঁলোকৰ পৰা জৰিমনা হিচাপে ১,২২,৫০০ টকা সংগ্ৰহ কৰা হয় ।

ক'ভিডৰ (Covid-19) সংক্ৰমণৰ ক্ষেত্রত সুৰাৰ ঘাটিসমূহ অন্যতম এটা কাৰণ হিচাপে চিহ্নিত হোৱাৰ পাছতে জুন মাহৰ শেষৰ ফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ( CM himanta Biswa Sarma)ই আবকাৰী বিভাগ (Excise department) ক অবৈধ সুৰাৰ ভাটি উচ্ছেদ কৰিবৰ বাবে কঠোৰ নিৰ্দেশ জাৰি কৰিছিল । মুখ্যমন্ত্ৰীৰ (Chief Minister) নিৰ্দেশৰ পাছতে ৰাজ্যৰ আন আন জিলাৰ লগতে কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগেও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ নিৰ্দেশনাত দেশী-বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক - ধনশিৰিত বুজন পৰিমানৰ ড্ৰাগছ জব্দ

আবকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নেতৃত্বত গুৱাহাটী সদৰ আবকাৰী চক্ৰকে ধৰি জিলাখনৰ আবকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জুলাই মাহত ৫৬ টা অভিযান চলায় । এই অভিযানত আবকাৰী আইনৰ অধীনত মুঠ ২১০ টা গোচৰ ৰজু কৰে ।

লগতে হাতে লোটে ধৰা পৰা ৩১ টা অবৈধ সুৰা বিক্ৰেতাক আদালতৰ জৰিয়তে জে'ললৈ প্ৰেৰণ কৰা হয় । তেনেদৰে ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত ৪১ জনক অভিযুক্তক আটক কৰি তেওঁলোকৰ পৰা জৰিমণা হিচাপে ১,২২,৫০০ টকা সংগ্ৰহ কৰা হয় । ইয়াৰ উপৰিও আৱকাৰী অভিযানত ৯,০৬৫ লিটাৰ চুলাই মদ, চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত ৫৫,১২০ কিল'গ্ৰাম পাছ , ৯২ টা বিভিন্ন সা-সঁজুলি, বিভিন্ন ব্ৰেণ্ডৰ ৫৯.৬৯ লিটাৰ বিদেশী সুৰা , ৭০.২ লিটাৰ বিয়েৰ জব্দ কৰা হয় ।

উল্লেখ্য যে, ইয়াৰ ভিতৰত কেইবাটাও অভিযান ৰাজহুৱা অভিযোগৰ ভিত্তিত চলোৱা হৈছিল । আনহাতে, যেতিয়ালৈ জিলাখনত ড্ৰাগছতে আদি কৰি যিবোৰ নিচা জাতীয় সামগ্ৰীৰ সৰবৰাহ বন্ধ নহ'ব তেতিয়ালৈ এই অভিযান অব্যাহত থাকিব বুলি আবকাৰী অধীক্ষক মানৱী দাসে জানিবলৈ দিয়ে ৷ এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰিছে আবকাৰী বিভাগে ।

লগতে পঢ়ক - লাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.