ETV Bharat / crime

ড্ৰাগছসহ আটক হ’ল মইনুল

পুনৰ মুকালমুৱা আৰক্ষীৰ জালত পৰে ড্ৰাগছ (Drugs) সহ এজন সৰবৰাহকাৰী (Drugs Paddler) ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মইনুল আলী বুলি জানিব পৰা গৈছে ৷ অধিক তথ্যৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

author img

By

Published : Jul 11, 2021, 10:41 PM IST

Drugs With One Paddler Arrested Police At Nalbari District
বৰক্ষেত্ৰীত ড্ৰাগছ সহ এজন সৰবৰাহকাৰী আটক

নলবাৰী, 11 জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ (Drugs) তথা নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷ সমন্তৰালকৈ নলবাৰী আৰক্ষীয়েও ড্ৰাগছ, মদ, ভাং আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান ৷ দেওবাৰে মুকালমুৱা আৰক্ষীয়ে চলোৱা এটা অভিযানত বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক (Drugs Paddler) আটক কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মইনুল আলী ৷

দেওবাৰে, মুকালমুৱা আৰক্ষী থানা (Mukalmua Police Station)ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত অভিযান চলাই আটক কৰে ড্ৰাগছ ব্যৱসায়ী মইনুল আলীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী মইনুল আলীৰ ঘৰ ঘোগা গাৱঁত বুলি জানিব পৰা গৈছে। মইনুল আলীৰ পৰা 50 হাজাৰ টকাৰ লগতে 25 টা নিচাযুক্ত বটল জব্দ (Seized) কৰে আৰক্ষীয়ে ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায় চলাই আহিছিল বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷

ইয়াৰ সমান্তৰালকৈ নলবাৰীত চুলাই মদৰ ঘাটিৰ বিৰুদ্ধেও সস্তম হৈ পৰে নলবাৰী আৰক্ষী (Nalbari Police) ৷ দেওবাৰে নলবাৰী আবকাৰী আৰু আৰক্ষীয়ে চুলাই মদৰ বিৰুদ্ধে এক অভিযান চলায় । নলবাৰী সদৰ আবকাৰী সহঃ পৰিদৰ্শক আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ যুঁটীয়াভাৱে নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বৰগাছা- ভড়ালতোলা,বিলপাৰ বড়ো চুবুৰী এলেকাত চুলাই মদৰ বিৰুদ্ধে অভিযান চলায় ।

উক্ত অভিযানত বহু পৰিমানৰ চুলাই মদৰ ঘাটি উৎখাত কৰাৰ লগতে চুলাই বনোৱা সামগ্ৰী আৰু বৃহৎ পৰিমাণৰ চুলাই মদ নষ্ট কৰে আৰক্ষীৰ দলটোৱে । ইফালে অভিযানকাৰী আৰক্ষী দলটোৰ সম্ভেদ পাই চুলাই সৰবৰাহকাৰীকেইটা পলায়ন কৰে । দীৰ্ঘ দিন ধৰি নলবাৰী জিলাত আৰক্ষী আৰু অৱকাৰী বিভাগে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ অভিযানত ইতিমধ্যে বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে চুলাই মদ সৰবৰাহকাৰীক গ্ৰপ্তাৰ (Arrest) কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক-বঙাইগাঁৱত অবৈধ কাঠ ফলা মিল সহ লক্ষাধিক টকাৰ কাঠ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.