ধিং,12 জুন : অসমক ড্ৰাগছ মুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্যখনত ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰিছে ৷ আৰক্ষীৰ অভিযানত লাখ লাখ টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিছে বহু কেইটা ড্ৰাগছ সৰবৰাহকাৰী ৷ সমান্তৰালকৈ মৰিগাঁও জিলাতো ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে আৰক্ষীয়ে ৷ শুকুৰবাৰে নিশা জিলাখনৰ মৈৰাবাৰী ভেলৌগুৰি থানাৰ অন্তৰ্গত বিভিন্ন স্থানত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায় আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত নিশা প্ৰায় তিনি বজাত বৃহৎ পৰিমানৰ গাঞ্জা, কেইবাটাও ড্ৰাগছ কন্টেনাৰ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক হয় ৷ ধৃত সৰবৰাহকাৰীটোৰ নাম বাহাৰুল ইছলাম বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, যোৱা 27 মে'ত মৈৰাবাৰী আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বাহাৰুল ইছলামৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰাৰ লগতে তেওঁৰ পত্নীক আটক কৰিবলৈ সক্ষম হৈছিল যদিও বাহাৰুল ইছলাম আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিছিল । প্ৰায় 15 দিন পলাতক অৱস্থাত থকা এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী বাহাৰুলক অৱশেষত শুকুৰবাৰে নিশা মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ দীৰ্ঘদিন ধৰি মৈৰাবাৰী থানাৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱত নগাওঁ মৈৰাবাৰী গড়কাপ্তানি পথৰ কাষতে ধৃত বাহাৰুল ইছলামে ড্ৰাগছ সৰবৰাহকৰি আহিছিল বুলি জানিব পৰা গৈছে ।
একেদৰে চাপৰ আৰক্ষী আৰু চিআৰপিএফ (CRPF)ৰ C48 বেটেলিয়নে শুকুৰবাৰে নিশা চাপৰৰ শালকোচাত চলাই এটা ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানকাৰী দলটোৱে শালকোচা বজাৰৰ এখন দোকানৰ পৰা 7 কেজি গাঞ্জা জব্দ কৰাৰ লগতে দেৱৰাজ বৰ্মন নামৰ এগৰাকী ব্যক্তিক আটক কৰে ৷ ঘটনা সন্দৰ্ভত চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : মঙলদৈত চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ