ETV Bharat / crime

বোকাজানত ৫ কোটি টকা মূল্যৰ ড্ৰাগছ সহ আটক মহিলা

অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান বোকাজান মহকুমা আৰক্ষীৰ ৷ আৰক্ষীৰ নাকা তালাচীত জব্দ হয় ৭২৩ গ্ৰাম ড্ৰাগছ ৷ ৰিম্পা হাজৰিকা নামৰ এগৰাকী মহিলাক (৪০)আটক ৷ ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 5 কোটি টকা ৷

author img

By

Published : May 25, 2021, 3:39 PM IST

drug-seized-at-bokazan
বোকাজান আৰক্ষীৰ বৃহৎ সফলতা : ৫ কোটি টকা মূল্যৰ অবৈধ ড্ৰাগছ সহ আটক মহিলা

ডিফু, ২৫ মে': অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা আৰক্ষীয়ে ৷ প্ৰাপ্ত খবৰ অনুসৰি বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষীৰ নাকা তালাচীত জব্দ কৰে ৭২৩ গ্ৰাম ড্ৰাগছ ।

AS19 AC 0074 নম্বৰৰ বাছখনত ৬৪ টা চাবোনৰ বাকচত আনিছিল এই বৃহৎ পৰিমানৰ ড্ৰাগছখিনি । ঘটনাৰ সৈতে জড়িত ৰিম্পা হাজৰিকা নামৰ এগৰাকী মহিলাক (৪০)আটক কৰে বৰপথাৰ আৰক্ষীয়ে । দিনৰ প্ৰায় ১১:৩০ বজাত বাছ খনৰ তালাচীত জব্দ কৰা হয় ড্ৰাগছখিনি ।

অভিযানটোৰ নেতৃত্ব দিছিল বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি বৰা আৰু খটখটী আৰক্ষী থানাৰ আৰক্ষী বিষয়া চৰণ মোহন চেতিয়াই । ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰিম্পাৰ ঘৰ বোকাজানৰ খটখটিত বুলি জানিব পৰা গৈছে ।

আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি ড্ৰাগছ খিনি গুৱাহাটীলৈ লৈ গৈ তাত কোনো অজ্ঞাত লোকক দিয়াৰ কথা আছিল কিন্তু বোকাজান আৰক্ষীৰ হাতৰ পৰা সাৰি নগ’ল ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ খিনি । প্ৰত্যেক দিনাই অতি কৌশলগতভাৱে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই বোকাজানৰ মাজেৰে সৰবৰাহ কৰিবলৈ চেষ্টা কৰে আৰু যাক লৈ এতিয়া তৎপৰ হৈ পৰিছে বোকাজান মহকুমা আৰক্ষী ।

কাৰ্বি আংলং আৰক্ষীৰ কষ্ট আৰু একাগ্ৰতাৰ ফলত মণিপুৰ-নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰা প্ৰত্যেক খন বাহন তন্ন তন্নকৈ পৰীক্ষা কৰাৰ বাবেই সম্ভৱ হৈছে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ । উল্লেখ্য যে, জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় 5 কোটি টকা হব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক: ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম খোদিত বাইকাৰ বেদ প্ৰকাশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.