ETV Bharat / crime

আদৰ্শ নগৰত চুৰিকাঘাত: গ্ৰেপ্তাৰ ২ - গ্ৰেপ্তাৰ ২

উত্তৰ-পশ্চিম দিল্লীৰ আদৰ্শ নগৰত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী চিচিটিভি কেমেৰাত । নিশা ২ বছৰীয়া সন্তানসহ বজাৰৰ পৰা ঘৰলৈ ওভতাৰ পথত চিমৰণ কৌৰ নামৰ মহিলাগৰাকীক চুৰিৰে উপৰ্যুপৰি আক্ৰমণ দুৰ্বৃত্তৰ ।

আদৰ্শ নগৰত চুৰিকাঘাতঃ গ্ৰেপ্তাৰ ২
আদৰ্শ নগৰত চুৰিকাঘাতঃ গ্ৰেপ্তাৰ ২
author img

By

Published : Mar 1, 2021, 10:49 AM IST

নিউজ ডেস্ক,১ মাৰ্চ: উত্তৰ-পশ্চিম দিল্লীৰ আদৰ্শ নগৰত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত ৷ ২৫ বছৰীয়া এগৰাকী মহিলাক চুৰিকাঘাতৰ ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী চহৰখনত ৷ শনিবাৰে নিশা প্ৰায় ৯.৩০ বজাত চিমৰণ কৌৰ নামৰ মহিলাগৰাকীয়ে ২ বছৰীয়া সন্তানসহ বজাৰৰ পৰা ঘৰলৈ ওভতাৰ পথত স্কুটী আৰোহী কেইজনমান দুৰ্বৃত্তই চিমৰণৰ ডিঙিৰ পৰা চেইন কাঢ়ি উধাও হ'বলৈ চেষ্টা কৰিছিল । কিন্তু দুৰ্বৃত্তৰ এই কু-কৰ্মক বাধা প্ৰদান কৰোতে চিমৰণক চুৰিৰে উপৰ্যুপৰি আঘাত কৰে ৷ যাৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হয় চিমৰণে । ইফালে, ঘটনাতো সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্বৃত্ত কেইজন । এই ঘটনাৰ সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে ।

ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে । উক্ত ঘটনাৰ তদন্তৰ বাবে দিল্লী আৰক্ষীয়ে এক বিশেষ অনুসন্ধানকাৰী দল (এছআইটি) গঠন কৰিছে । ইতিমধ্যে, উত্তৰ-পশ্চিম উষা ৰংগানীৰ এগৰাকী আৰক্ষী বিষয়াই ঘটনাৰ তদন্তৰ বাবে দহটা আৰক্ষী দল গঠন কৰাৰ লগতে ঘটনাত জড়িত দুজনক গ্ৰেপ্তাৰ কৰা হোৱা বুলি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰহণ কৰিলে ক’ভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.