ETV Bharat / crime

বোকাজানত 13 টা গৰুসহ আটক 3 সৰবৰাহকাৰী

author img

By

Published : Jul 20, 2021, 8:26 AM IST

সোমবাৰে লাহৰিজানত তিনি সৰবৰাহকাৰীসহ ১৩ টা বলধ গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ এজন ব্যক্তিৰ ঘৰত লুকুৱাই থোৱা অৱস্থাত গৰু কেইটা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

Aprehanded three persons with 13 Bull At Bokajan
বোকাজানত 13 টা গৰুসহ আটক 3 সৰবৰাহকাৰী

ডিফু, 20 জুলাই : সোমবাৰে অসম-নগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানত তিনি সৰবৰাহকাৰীসহ ১৩ টা বলধ গৰু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিতেই পুৱা লাহৰিজান কালিৰাম বস্তিৰ মহম্মদ মাছুদ নামৰ এজন ব্যক্তিৰ ঘৰত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীয়ে বলধ গৰুকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বৰ্তমানে এই সন্দৰ্ভত খটখটী আৰক্ষীয়ে (Khatkhati Police) মহম্মদ মাছুদৰ লগতে তেওঁৰ দুই পুত্ৰক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।

প্ৰাথমিক তদন্তত বলধ গৰুকেইটা নগালেণ্ডৰ ডিমাপুৰৰ লটভি বস্তিৰ পৰা অনা বুলি ধৃত লোককেইজনে দাবী কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান জব্দ কৰা গৰু কেইটাক খটখটী আৰক্ষীয়ে খটখটীস্থিত ভাৰত মাতা গো-শালাত ৰখাৰ ব্যৱস্থা কৰি বোকাজানৰ পশু পালন বিভাগৰ জৰিয়তে চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে ।

সমান্তৰালকৈ, চিৰাঙতো সোমবাৰে দুটা গৰুসহ এজন গৰু চোৰক আৰক্ষীয়ে আটক কৰে। জিলাখনৰ ৰুনিখাতাৰ পৰা ঢালিগাঁও আৰক্ষীয়ে আটক কৰে গৰু চোৰজনক ।

এখন চৰকাৰী এএচ ০১টি-০০২২ নম্বৰৰ স্কৰপিঅ' বাহনৰে বিক্ৰী কৰিবলৈ আনি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে চোৰজনক ৷ ধৃত চোৰ জনৰ নাম কুমুদ নাৰ্জাৰী বুলি জানিব পৰা গৈছে ৷

সোমবাৰে ঢালিগাঁও থানাৰ সহকাৰী উপ পৰিদৰ্শক সঞ্জিৱ চৌধুৰীয়ে এখন স্কৰপিঅ' বাহনেৰে লৈ যোৱা প্ৰত্যক্ষ কৰে ৷ লগে লগে বাহনখনৰ পিছ লয় আৰক্ষীয়ে ৷ প্ৰায় ২৫ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পাছত ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতাৰ থাইচোবাৰী অঞ্চলৰ পৰা বাহন সহ চোৰজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ ইফালে বাহন খনৰ পৰা দুটা গৰু জব্দ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি ঢালিগাঁও থানাত আছে গৰু দুটা, বাহনখনৰ লগতে চোৰজন ।

লগতে পঢ়ক-নবোদয় বিদ্যালয়ৰ কাণ্ডত জড়িত 3 অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.