ETV Bharat / crime

পৈতৃক সম্পত্তিক লৈ প্ৰাণে মৰাৰ ভাবুকি এগৰাকী বৃদ্ধাক

author img

By

Published : Jul 23, 2021, 9:59 AM IST

পৈতৃক সম্পত্তিক লৈ নিজ ভাই-ভনীৰ মাজত তুমুল সংঘাত ৷ ফলত প্ৰাণে মৰাৰ ভাবুকি বৃদ্ধা এগৰাকীক ৷ অৱশেষত আদালতৰ দ্বাৰস্থ হৈছে বৃদ্ধাগৰাকীৰ পৰিয়াল ৷

An old woman threatened to die over property in Hojai District
পৈতৃক সম্পত্তিক লৈ প্ৰাণে মৰাৰ ভাবুকি এগৰাকী বৃদ্ধাক

হোজাই, 23 জুলাই : হোজাইৰ পশ্চিম চামৰালিত পৈতৃক সম্পত্তিক লৈ সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ সম্পত্তি বিচাৰি এগৰাকী বৃদ্ধাই হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ পৈতৃক মাটি সা-সম্পত্তি ভয়-ভাবুকিৰে কাঢ়ি লৈ যোৱা বুলি অভিযোগ কৰিছে বৃদ্ধাগৰাকীৰ পৰিয়ালে ৷ যাৰ বাবে বৃদ্ধাগৰাকীয়ে ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে ৷

কিন্তু ভূমি সংক্ৰান্তীয় গোচৰ তৰি বিপাঙত পৰিছে বৃদ্ধাগৰাকীৰ লগতে পৰিয়ালটো ৷ কাৰণ আদালতৰ দ্বাৰস্থ হোৱাৰ পাছতেই নিশা চোকা অস্ত্ৰলৈ নিজ ঘৰতেই পৰিয়ালটোক হত্যাৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ কৰিছে বৃদ্ধাগৰাকীৰ পৰিয়ালে । শীঘ্ৰই যদি গোচৰটো উঠাই নলয়, তেনেহ'লে হত্যাৰ ভাবুকি দিছে বুলি অভিযোগ উত্থাপন কৰিছে বৃদ্ধাগৰাকীৰ ভাতৃৃ-তথা ভতিজাৰ বিৰুদ্ধে ।

উল্লেখ্য যে, বৃদ্ধাগৰাকী আৰু বৃদ্ধাগৰাকীৰ ভাই-ককাইৰ মাজত এতিয়ালৈ পৈতৃক সম্পত্তিসমূহ ভাগ-বাটোৱাৰা কৰা নাই বুলি সাংবাদিকৰ আগত সদৰি কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ ফলত ভাই-ককাইৰ মাজত মাটি সংক্ৰান্তীয় বিবাদক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে এই ঘটনাটো ।

ইফালে পিতৃৰ সম্পত্তি বিচাৰি বহুদিন ধৰি আলোচনা-বিলোচনা কৰে যদিও কোনো সুফল নোপোৱাত গোলাপজান বেগম নামৰ বৃদ্ধা মহিলাগৰাকীয়ে কাষ চাপিছিল আদালতৰ । আদালতৰ দ্বাৰস্থ হোৱাৰ বাবেই নিশা ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি দা-ডেগাৰেৰে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ কৰে গোলাপজান বেগম সহ তেওঁৰ পৰিয়ালে । ইফালে উক্ত গোচৰটোৰ সাক্ষ্য প্ৰদান কৰা মইনুল উদ্দিন নামৰ লোকজনকো হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ তুলিছে ।

এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে বৃদ্ধাগৰাকীৰ ভাতৃ চফিক উদ্দিন আৰু ভতিজা নাজিম উদ্দিনৰ বিৰুদ্ধে । এই চাঞ্চল্যকৰ ঘটনাৰ পাছত পুনৰ ন্যায় বিচাৰি হোজাই আৰক্ষী অধীক্ষকৰ কাষ চাপে ভুক্তভোগী পৰিয়ালটোৱে । আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ।

লগতে পঢ়ক-বৰ্ণবৈষম্য: দিল্লীৰ উদণ্ড যুৱকক কাণত ধৰিবলৈ বাধ্য কৰালে উত্তৰ-পূৱৰ যুৱতীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.