ডুমডুমা, 6 ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত হাঁহচৰা পথাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এনটেক্স ট্ৰেন্সপোৰ্টেছন প্ৰাইভেট লিমিটেড নামৰ Filpkartৰ কাৰ্যালয়ত শুকুৰবাৰে নিশা সংঘটিত হৈছে চুৰিকাণ্ড।
উক্ত Filpkart ৰ কাৰ্যালয়টোৰ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে ৷ চোৰে ধন ৰখা লকাৰটো লৈ যোৱাৰ লগতে কাৰ্যালয়টোৰ পৰা চিচি কেমেৰাকে আদি কৰি বহু সা-সম্পত্তি লুটি লৈ যায় । উল্লেখ্য যে,উক্ত লকাৰটোত প্ৰায় ৭ লাখ টকা জমা থোৱা আছিল বুলি কাৰ্যালয়টোৰ কৰ্মচাৰী এজনে সাংবাদিকৰ আগত সদৰি কৰে ৷
ইফালে ঘটনাটোৰ বিৰুদ্ধে ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে কাৰ্যালয়টোৰ কৰ্মচাৰী সকলে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক-হোজাইত শোকাৱহ পথ দুৰ্ঘটনা : নিহত দুই কণমানি সন্তানৰ পিতৃ