তিনিচুকীয়া, 3 ছেপ্তেম্বৰ: তিনিচুকীয়াত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা ৷ বিগত 16 দিন ধৰি সন্ধানহীন হৈ আছে দৰ্পণজ্যোতি বৰ্মন নামৰ 23 বছৰীয়া এজন যুৱক (Youth missing in Tinsukia) ৷ ইতিমধ্যে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰা হয় যদিও আজিলৈ কোনো সম্ভেদ লাভ কৰা নাই যুৱকজনৰ ৷ ফলত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ ৷
ঘটনা অনুসৰি, বিগত 18 আগষ্টত ঘৰৰ পৰা বন্ধু এজনৰ দোকানলৈ গৈ বন্ধুৰে মত বিনিময় কৰিছিল দৰ্পণে ৷ তাৰ পিছৰেই পৰা সন্ধানহীন হৈ আছে দৰ্পণ ৷ বন্ধু বৰ্মন জ্যোতিৰ আগত দৰ্পণে গুইজানৰ কথাও অৱগত কৰিছিল ৷ তাৰ পিছতে শুকুৰবাৰে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে গুইজানলৈ আহি দৰ্পণৰ চাইকেলখন ঘাটত উদ্ধাৰ কৰে ৷
ইফালে SDRF ৰ এটা বাহিনীয়ে বহু সময় ধৰি ডিব্ৰু-ডাঙৰী নদীত উদ্ধাৰ অভিযান চলাইছিল যদিও আজি পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ'ল । ইতিমধ্যে পৰিয়ালৰ লোকে গুইজান আৰক্ষী থানাত এখন এজাহাৰ (FIR) দাখিল কৰিছে । এজন যুৱক এনেদৰে হঠাৎ নিৰুদ্দেশ হৈ পৰাত এতিয়া সকলোৰে মনত সৃষ্টি হৈছে বিভিন্ন প্ৰশ্নৰ ৷
আনহাতে পৰিয়ালৰ লোকে তেওলোকৰ ল’ৰা আলফা(স্বা) লৈ যোৱাৰ সন্দেহ কৰি সেয়েহে আলফা (স্বা)ৰ তৰফৰ পৰা নিশ্চিত কৰাৰ বাবে জনাইছে আহ্বান । সম্প্ৰতি মনত এনে বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া হাবাথুৰি খাইছে পৰিয়ালবৰ্গ ৷