ETV Bharat / city

"ৰাইজৰ দল"ৰ আহ্বায়ক লুহিত গগৈক উষ্ম আদৰণি ৰাইজৰ

author img

By

Published : Oct 17, 2020, 12:05 PM IST

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হোৱা "ৰাইজৰ দ'ল"ৰ অন্যতম আহ্বায়ক লুহিত গগৈক উষ্ম আদৰণি ৰাইজৰ ।

"ৰাইজৰ দল"ৰ আহ্বায়ক লুহিত গগৈক উষ্ম আদৰণি ৰাইজৰ
"ৰাইজৰ দল"ৰ আহ্বায়ক লুহিত গগৈক উষ্ম আদৰণি ৰাইজৰ

তিনিচুকীয়া,17অক্টোবৰ: ৰাইজৰ দলৰ আহ্বায়ক লুহিত গগৈক তিনিচুকীয়াত উষ্ম আদৰণি। আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যত গঠন হ'ল কেইবাটাও আঞ্চলিক ৰাজনৈতিক দ'ল। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত যদি গঠন হ'ল অসম জাতীয় পৰিষদ,কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ নেতৃত্বত গঠন হ'ল ৰাইজৰ দ'ল ।

ইফালে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ নেতৃত্বত গঠন হ'ল আঞ্চলিক গণ মৰ্চা। মুঠৰ ওপৰত আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক প্ৰতিহত কৰিবলৈ আঞ্চলিক দ'লে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী কুচ-কাৱাজ।

ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হোৱা "ৰাইজৰ দ'ল"ৰ অন্যতম আহ্বায়ক লুহিত গগৈয়ে ৰাজনৈতিক ৰণকৌশল আগৱঢ়াই নিয়াৰ উদ্দেশ্যে শনিবাৰে তিনিচুকীয়াত উপস্থিত হয়। তিনিচুকীয়া উপস্থিত হোৱা ৰাইজৰ দলৰ অন্যতম আহ্বায়ক লুহিত গগৈক পানীতোলাৰ পৰা তিনিচুকীয়া থানা চাৰিআলিলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি,বীৰ লাচিত সেনাৰ প্ৰায় শতাধিক কৰ্মকৰ্তা সকলে মটৰ চাইকেল শোভাযাত্ৰাৰে আদৰণি জনাই।

ৰাইজৰ দলৰ আহ্বায়ক লুহিত গগৈয়ে তিনিচুকীয়াত উপস্থিত হৈ আগন্তুক বিধানসভা নিৰ্বাচনত সমগ্ৰ অসমতেই শক্তিশালী ৰূপে প্ৰতিদ্বন্দিতা আগবঢ়াই সাম্প্ৰদায়িক ৰাজনৈতিক দল বিজেপিক প্ৰতিহত কৰিব বুলি মন্তৱ্য প্ৰকাশ কৰে। লগতে নতুনকৈ গঠন হোৱা সকলো আঞ্চলিক ৰাজনৈতিক দল ঐক্যবদ্ধ হ'বলৈ আহ্বান জনাই নেতা গৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.