ETV Bharat / city

আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলেৰ ওচৰত আত্মসমৰ্পণ দুজন আলফা সদস্যৰ

author img

By

Published : Mar 3, 2022, 8:57 AM IST

Updated : Mar 3, 2022, 2:11 PM IST

অৰুণাচলৰ নামপুঙৰ গভীৰ অৰণ্যত সেনা-আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান ৷ উজনিৰ আৰক্ষী মহা পৰিদৰ্শক জিৎমল দলেৰ ওচৰত আত্মসমৰ্পণ কৰে আলফা সদস্য দুজনে(ULFA I Cadre Surrender) ৷ আত্মসমৰ্পণৰ সময়ত আলফা সদস্যকেইজনে এটা AK47, এটা MQ 81, এটা হেণ্ড গ্ৰেণেডসহ, তিনিটা মেগজিন আৰু 148 জাই সজীৱ গুলী আৰক্ষীক জমা দিয়ে ৷

ULFA I Cadre Surrender in Tinsukia
আৰক্ষী মহাপৰিদৰ্শক জিৎমল দলেৰ ওচৰত আত্মসমৰ্পণ দুজন আলফা সদস্যৰ

তিনিচুকীয়া, 3 মাৰ্চ : উজনি অসমত পুনৰ চলিছে উগ্ৰপন্থী বিৰোধী অভিযান । অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ ভাৰত-ম্যানমাৰৰ সীমান্তত ভাৰতীয় সেনা আৰু আৰক্ষীয়ে উগ্ৰপন্থীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান । ম্যানমাৰৰ আলফা স্বাধীনৰ শিৱিৰৰ পৰা নামি অহা এটা সাতজনীয়া দলকলৈ উজনিৰ আৰক্ষী মহা পৰিদৰ্শক জিৎমল দলেৰ(Deputy Inspector General of Police Jitmal Doley) নেতৃত্বত দলটোৱে চলাই এই অভিযান ।

ULFA I Cadre Surrender in Tinsukia
টিলকাই নেওগ উৰফে ধুনী অসম

আনহাতে তিনিচুকীয়া আৰক্ষীয়ে দলটোৰ দুজন সদস্যই উজনিৰ আৰক্ষী মহা পৰিদৰ্শক জিৎমল দলেৰ ওচৰত আত্মসমৰ্পণ কৰাৰ তথ্য সদৰী কৰিছে(ULFA I Cadre Surrender in Tinsukia) । আত্মসমৰ্পণকাৰী আলফা সদস্য দুজন টিলকাই নেওগ ওৰফে ধনী অসম আৰু জাগৰণ অসম বুলি জানিব পৰা হৈছে ৷ টিলকাই নেওগ ওৰফে ধনী অসমৰ আত্মসমৰ্পণৰ পাছত ঘন জংঘলৰ মাজত ছেদেলি ভেদেলী হৈ গৈছিল দলটো ৷ ইয়াৰ পাছতেই আনজন আলফা সদস্য জাগৰণ অসমে আৰক্ষী মহা পৰিদৰ্শক জিৎমল দলেৰ ওচৰত আত্মসমৰ্পণ কৰাৰ কথা জানিব পৰা গৈছে ৷

ULFA I Cadre Surrender in Tinsukia
অস্ত্ৰ-শস্ত্ৰ

জানিব পৰা মতে, আলফা স্বাধীনৰ এই দলটোত লগত আছিল কেপ্তেইন মিগাংক অসম, জ্ঞান অসম, ইয়াংকু অসম, জাগৰণ অসমৰ লগতে আন দুগৰাকী NSCN(KYA)ৰ সদস্য । টিলকাই নেওগ ওৰফে ধুনী অসমে আত্মসমৰ্পণৰ সময়ত এটা AK47 আৰু এটা হেণ্ড গ্ৰেণেড আৰক্ষীক জমা দিয়ে ৷ আনহাতে জাগৰণ অসমৰ পৰা আৰক্ষীয়ে এটা MQ 81 ৰাইফলসহ তিনিটা মেগজিন আৰু 148 জাই সজীৱ গুলী উদ্ধাৰ কৰে ৷ টিলকাই নেওগ ওৰফে ধনী অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ হাতীগড়ত বুলি জানিব পৰা গৈছে ৷

ULFA I Cadre Surrender in Tinsukia
জাগৰণ অসম

লগতে পঢ়ক : সাংসদ পল্লৱ লোচন দাসক ৰাজহুৱা স্থানত অপদস্থ

Last Updated : Mar 3, 2022, 2:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.