ETV Bharat / city

শদিয়াৰ বিধায়ক কোভিড পজিটিভ

author img

By

Published : Jul 11, 2020, 3:15 PM IST

শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ দেহত ক’ৰণা ভাইৰাছ ৷ তিনিচুকীয়া জিলাত সম্প্ৰতি সংক্ৰমণ বৃদ্ধি ৷

শদিয়াৰ বিধায়ক কোভিড পজিটিভ
শদিয়াৰ বিধায়ক কোভিড পজিটিভ

তিনিচুকীয়া, 11 জুলাই : ৰাজ্যত দ্ৰুতহাৰত বৃদ্ধি কৰ’ণাৰ সংক্ৰমণ ৷ সমান্তৰালকৈ তিনিচুকীয়া জিলাতো বৃদ্ধি হৈছে সংক্ৰমণৰ ঘটনা ৷ শেহতীয়াকৈ শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ দেহতো ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ এই ঘটনাই এতিয়া ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে তিনিচুকীয়া জিলাত ৷ ইতিমধ্যে বলিন চেতিয়াৰ মাকুমৰ বাসগৃহত 30 জন লোকৰ সৈতে বিধায়কগৰাকীকো গৃহ কোৱাৰেণ্টাইন কৰিছে স্বাস্থ্য বিভাগে ৷

ইপিনে শনিবাৰে পুৱাই বিধায়ক বলিন চেতিয়াক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷

বিধায়ক বলিন চেতিয়াৰ দেহত ক’ৰণা ভাইৰাছ

জানিব পৰা মতে, 25 জুনত বিধায়ক চেতিয়াই গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ আহিছিল ৷ গুৱাহাটীৰ পৰা আহিয়েই বিভিন্ন ৰাজহুৱা কামত জড়িত আছিল বিধায়কগৰাকী ৷ সেই অনুসৰি বিধায়ক সংস্পৰ্শলৈ অহা আন বহুলোক কৰ’ণা সংক্ৰমিত হোৱাৰ আশংকা কৰা হৈছে ৷

লগতে চাওক-এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে 1,200 কৰ্মচাৰীৰ সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.