তিনিচুকীয়া,17 মাৰ্চ: বিগত কেইবা বছৰৰ পৰা এখন আগশাৰীৰ বাতৰি কাকতৰ জৰিয়তে সংবাদ সেৱা আগবঢ়াই অহা অৰূপ কলিতাই বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ প্ৰায় ছয়-সাতমাহৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ পুৱা 6.30 বজাত মৃত্যুক আঁকোৱালি লয় সাংবাদিক গৰাকীয়ে ৷
অৰূপ কলিতাৰ মৃত্যুত আপকুকে আদি কৰি ডিগবৈ চহৰৰ সমূহ জাতীয় জনগোষ্ঠীয় দল-সংগঠন, বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ডিগবৈ সমাজ সচেতন লোকসকলে গভীৰ শোক প্ৰকাশ কৰিছে ৷ মৃত্যুৰ সময়ত পত্নীসহ এটি দহ বছৰীয়া পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ যায় কলিতাই ৷
লগতে পঢ়ক : বিজেপিৰ সমদললৈ যোৱা বাহন দুৰ্ঘটনাত পতিত