ডুমডুমা, 30 জুনঃ সোমবাৰে দলং আৰু পথ নিৰ্মাণৰ দাবীত ফিল'বাৰীত আটছা, আছা, ACMS ৰ 2 ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী । বিগত কিছুদিন ধৰি হোৱা মূষলধাৰ বৰষুণৰ ফলত ডুমডুমা আৰু মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কেইবাখনো দলং বানে উটুৱাই নিয়ে ৷
এই দলং সমূহৰ লগতে অঞ্চলটোৰ পথ আৰু পকী নলা পুনৰ নিৰ্মাণৰ দাবীত সোমবাৰে সদৌ অসম আধিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ মজদুৰ সংঘৰ ফিল'বাৰী শাখাৰ যৌথ উদ্যোগত ফিল'বাৰী তিনিআলিত পথ অৱৰোধ কৰি 2 ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অঞ্চলটোত থকা কেইবাখনো দলং বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত ফিল'বাৰীৰ সৈতে কেইবাটাও অঞ্চলৰ যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ।
যাৰ পৰিপেক্ষিতত আটছা, আছা আৰু ACMS ৰ যৌথ উদ্যোগত চাহ শ্ৰমিক সকলে ৰাজপথলৈ উলাই আহি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে চাওক-টিকটকসহ ভাৰতত নিষিদ্ধ ঘোষণা 59টা চীনা এপ