ETV Bharat / city

Police Suicide case in Tinsukia: ছাৰ্ভিচ ৰিভলভালেৰে গুলীয়াই আৰক্ষীৰ আত্মহত্যা

তিনিচুকীয়াত আৰক্ষী আত্মহত্যাৰ চাঞ্চল্যকৰ ঘটনা (Police Suicide case)৷ নিজৰ ছাৰ্ভিচ ৰিভলভাৰে গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়া দীনকান্ত সোণোৱালৰ (Policeman committed suicide)৷

Police Suicide case in Tinsukia
ছাৰ্ভিচ ৰিভলভালেৰে গুলীয়াই আৰক্ষীৰ আত্মহত্যা
author img

By

Published : Aug 8, 2022, 9:54 PM IST

তিনিচুকীয়া, 8 আগষ্ট: তিনিচুকীয়াত সংঘটিত হৈছে আৰক্ষীৰ আত্মহত্যাৰ এক চাঞ্চল্যকৰ ঘটনা (Police Suicide case)৷ তিনিচুকীয়া সদৰ থানাৰ চাৰিসীমাৰ ভিতৰতে নিজৰ ছাৰ্ভিচ ৰিভলভাৰে গুলীয়াই আত্মহত্যা কৰে আৰক্ষী বিষয়া দীনকান্ত সোণোৱালে (Police Suicide case in Tinsukia)৷

তিনিচুকীয়া সদৰ থানাত যান বাহন আৰক্ষী বিষয়া ৰূপে নিয়োজিত হৈ আছিল দীনকান্ত সোণোৱাল । তিনিচুকীয়াৰ ধূলিজান লাইনা গাঁৱৰ বাসিন্দা আৰক্ষী বিষয়া গৰাকী ৷ এই ঘটনাৰ পিছতে আৰক্ষীৰ লোকে বিষয়াগৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও অত্যাধিক ৰক্তক্ষৰণ হোৱাৰ বাবে বচাব নোৱাৰিলে আৰক্ষী বিষয়াগৰাকীক ৷ কৰ্তব্যপৰায়ণ আৰক্ষী বিষয়াগৰাকীয়ে কি কাৰণত এনে ঘটনা সংঘটিত কৰিলে ইয়াৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷

দীনকান্ত সোণোৱালৰ মৃত্যুৰ পিছতে চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ তিনিচুকীয়াত ৷ আৰক্ষী বিষয়াগৰাকীৰ ঘৰৰ লোক ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেহি ৷ সম্প্ৰতি আৰক্ষী বিষয়াগৰাকীৰ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ মৃত্যুৰ সময়ত ইহসংসাৰত পত্নী, পুত্ৰ আৰু কন্যা সন্তানক এৰি থৈ যায় সোণোৱালে ৷

লগতে পঢ়ক: Extra Marital Affair: পত্নী-কন্যাৰ কটা মূৰ হাতত লৈ শহুৰেকৰ ঘৰত উপস্থিত হত্যাকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.