ETV Bharat / city

তিনিচুকীয়াত উদ্ভাৱন হ'ল ছেনিটাইজেশ্যন যন্ত্ৰ

author img

By

Published : Jun 2, 2020, 6:12 PM IST

তিনিচুকীয়াৰ বৰদলৈ নগৰৰ মৃনাল দত্ত নামৰ ব্যক্তিজনে নিৰ্মাণ কৰি উলিয়াইছে তিনিটাকৈ অত্যাধুনিক ছেনিটাইজেশ্যন যন্ত্ৰ ৷ হাতেৰে স্পৰ্শ নকৰাকৈয়ে ২০ ছেকেণ্ডতে সম্পূৰ্ণ শৰীৰটো ছেনিটাইজেশ্যন কৰিব পাৰি বুলি সাংবাদিকৰ আগত সদৰি কৰে লোকজনে ।

ETV BHARAT
তিনিচুকীয়াত উদ্ভাৱন হ'ল ছেনিটাইজেশ্যন যন্ত্ৰ

তিনিচুকীয়া, 2 জুনঃ তিনিচুকীয়াৰ এজন লোকৰ ব্যতিক্ৰমী প্ৰচেষ্টা । ব্যক্তিজনে নিৰ্মাণ কৰি উলিয়াইছে তিনিটাকৈ অত্যাধুনিক বিনা-স্পৰ্শৰে নিয়ন্ত্ৰণ হোৱা ছেনিটাইজেশ্যন যন্ত্ৰ ৷

তিনিচুকীয়াৰ বৰদলৈ নগৰৰ মৃনাল দত্ত নামৰ ব্যক্তিজনে নিৰ্মাণ কৰি উলিয়াইছে তিনিটাকৈ অত্যাধুনিক বিনা-স্পৰ্শৰে নিয়ন্ত্ৰণ হোৱা ছেনিটাইজেশ্যন যন্ত্ৰ ৷ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'না ভাইৰাছৰ পৰা বাছি থাকিবলৈ চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ পৰামৰ্শ মতে সঘনাই হাত ধোৱা নতুবা ছেনিটাইজেশ্যন কৰাটো অত্যন্ত প্ৰয়োজন । নিজৰ শৰীটোক কভিড-১৯ ৰ পৰা বচাই ৰাখিবলৈ সকলোৱেই ব্যৱহাৰ কৰে বিভিন্ন ধৰণৰ চেনিটাইজাৰ । তেনে সময়তেই ব্যক্তিজনে নিৰ্মাণ কৰি উলিয়াইছে তিনিটাকৈ অত্যাধুনিক পদ্ধতিৰ ছেনিটাইজেশ্যন যন্ত্ৰ। ব্যক্তিজনে নিৰ্মাণ কৰা যন্ত্ৰকেইটাত চেঞ্চৰৰ জৰিয়তে হাতেৰে স্পৰ্শ নকৰাকৈয়ে সম্পূৰ্ণ শৰীৰৰ ২০ ছেকেণ্ডৰ ভতিৰতে চেনিটাইজ কৰিব পৰা সুবিধা আছে বুলি মন্তব্য কৰে । উক্ত যন্ত্ৰ কেইটা ব্যক্তিজনে ক্ৰমে ৮ হাজাৰ, ১৪ হাজাৰ আৰু ৩৫ হাজাৰকৈ খৰচেৰে নিৰ্মাণ সম্পূৰ্ণ কৰিছে। লোকজনৰ এনে উদ্ভাৱন অতিকৈ সময়োপযোগী পদক্ষেপ হিচাপে বিবেচিত হৈছে ৷ বৰ্তমানে পৰীক্ষামূলকভাৱে যন্ত্ৰকেইটা নিৰ্মাণ কৰিছে যদিও অনাগত দিনত অতি সোনকালে ৰাইজৰ প্ৰয়োজনীয়তা নুসৰি নিৰ্মাণ কৰিব বুলি সদৰি কৰিছে ব্যক্তিজনে ।

লগতে পঢ়ক- নলবাৰীত শুভ্ৰ বগলীৰ নান্দনিকতাই আহ্লাদিত কৰিছে বহুজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.