মাৰ্ঘেৰিটা, ২৫ জুলাই : তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পাৱৈ গাঁও পঞ্চায়তৰ দহ নম্বৰ ৱাৰ্ডত বৃহস্পতিবাৰে পুৱাতে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । নিজ ঘৰৰ সন্মুখতে মৃত্যু মুখত পৰে এটি দৰিদ্ৰ পৰিয়ালৰ অষ্ট বাহাদুৰ লামা নামৰ ৫৫ বছৰীয়া এজন লোক । ঘটনা অনুসৰি চাহ বাগিছাত দিন হাজিৰা কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যাওতেই ঘৰৰ সন্মুখত পৰি থকা অৱস্থাত এডাল তাঁৰ দেখা পায় ব্যক্তিজনে আঁতৰাবলৈ যায় আৰু লগে লগে ঘটনাস্থলীতে তেওঁ বিদুৎস্পৃষ্ট হৈ প্ৰাণ ত্যাগ কৰে । স্থানীয় ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ চৰম গাফিলতি বাবেই লোকজনে কৰুণ মৃত্যুক আকোৱালি ল'ব লগা হ'ল । বিদ্যুৎ বিভাগে বিদ্যুতৰ তাঁৰ সমূহত লাগি থকা বাঁহ গছ আদি কাটি চাফা নকৰা বাবেই বাঁহত লাগি তাঁৰ চিঙি এই শোকাৱহ দুৰ্ঘটনাটো সংৰ্ঘটিত হয় ।
স্থানীয় লোকে নিহত লোকজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ বিদ্যুৎ বিভাগক দাবী জনায় । অৱশ্যে ঘটনাস্থলীত বিদ্যুৎ বিভাগৰ লোক উপস্থিত হৈ নিহত লোক জনৰ পৰিয়াল বৰ্গক উচিত ক্ষতিপূৰণ দিয়া হ’ব বুলি অৱগত কৰে । ইতিমধ্যে মৃতদেহটো ডিগবৈ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।