ডুমডুমা, ১০ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ দেশত এতিয়া চলি আছে লক্ ডাউন । যাৰ ফলত বহু দৰিদ্ৰ লোক নানান অসুবিধাৰ সন্মুখীন হৈছে । কিন্তু লক্ ডাউনৰ সময়ত আর্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ।
গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতি আৰু ফিল'বাৰী আঞ্চলিক সমিতিয়ে ফিল'বাৰীৰ বিভিন্ন গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ বিভিন্ন পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে ।
ফিল'বাৰী অঞ্চলৰ কেইবাজনো শিক্ষক তথা চাহ উদ্যোগীৰ সহযোগত অঞ্চলটোৰ প্ৰায় ১০০ টা দৰিদ্ৰ পৰিয়ালক এই সাহায্য বিতৰণ কৰা হয় । গোৰ্খা ছাত্ৰ সন্থাই পৰৱৰ্তী দিন সমূহতো এনেদৰেই আৰ্তজনক সহায়ৰ হাত আগবঢ়াই যাব বুলি উল্লেখ কৰিছে ।