তিনিচুকীয়া, 11 আগষ্ট: কৰ্দৈগুৰি ভূমিহীন পৰিয়ালে পুনঃসংস্থাপন তথা ন্যায় বিচাৰি(Rehabilitation of flood victims) বিগত 11 দিন ধৰি ৰূপায়ন কৰি অহা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে ৷ দেশৰ 75 তম স্বাধীনতা দিৱসৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত লৈছে কৰ্দৈগুৰি ভূমিহীন পৰিয়ালে ৷ ইয়াৰ লগতে ক’লা পতাকা প্ৰদৰ্শন কাৰ্যসূচী স্থগিত ৰাখিব প্ৰতিবাদকাৰীসকলে । আনহাতে স্বাধীনতা দিৱসৰ এদিনৰ পাছৰে পৰা অৰ্থাৎ ১৬ আগষ্টৰ পৰা ভূমিহীন ২৪ টা পৰিয়ালৰ পুনঃসংস্থাপনৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা সদৰী কৰে ৷

অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ স্বাক্ষৰিত এক বিবৃতিৰ প্ৰকাশ কৰা হয় এই কথা । এই বিবৃতি প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ তিনিচুকীয়া জিলাত । বহুতৰ মতে, বানাক্ৰান্ত পৰিয়ালকেইটাক লৈ আৰম্ভ হ'ল নেকি ৰাজনীতি ? এই আন্দোলনৰ নেতৃত্বত থকা মৰাণ জনজাতিৰ আটাইকেইটা সংগঠন এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ।

উল্লেখ্য যে, 1992 চনৰ পৰাই বান-গৰাখহনীয়াৰ কৱলত পৰি আশ্রয়হীন হোৱা প্ৰায় 600 তকৈও অধিক পৰিয়ালে অঘৰীৰ দৰে জীৱন-যাপন কৰি আহিছে (Kardoiguri Flood effected family) । কিন্তু শেহতীয়াকৈ কৰ্দৈগুৰিৰ 24 টা পৰিয়ালক চৰকাৰে সংস্থাপনৰ বাবে 1 বিঘাকৈ ভূমি আৱণ্টন দিছিল যদিও সেই ভূমিৰ পৰা ৰূপক দত্ত নামৰ এজন লোকে অতি অমানৱীয়ভাৱে খেদি পঠিয়াইছিল । যাৰ ফলশ্ৰুতিত উপায়ন্তৰ হৈ বিগত 31 জুলাইৰ পৰা ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগনত আশ্ৰয় শিবিৰ পাতি থাকিবলগা হৈছে এই কেইটা পৰিয়ালে(Kardoiguri Flood effected family demand land) ।
সম্প্ৰতি, মৰাণ জনজাতিৰ তালাপ-কৰ্দৈগুৰি আঞ্চলিক সমিতিৰ কেউটা সংগঠনৰ যৌথ উদ্যোগত, স্থানীয় দল-সংগঠন, বান বিধ্বস্ত পৰিয়াল আৰু ৰাইজৰ সহযোগত চৰম নিৰাপত্তাহীনতাত ভোগা 24 টা বান বিধ্বস্ত পৰিয়ালক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান আৰু অতিশীঘ্ৰে পুনঃসংস্থাপনৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ দাবী, সমূহ বান বিধ্বস্ত পৰিয়ালক অতিশীঘ্ৰে পুনঃসংস্থাপন, ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ।

ইফালে ডুমডুমাৰ বিতৰ্কিত চাহ ব্যৱসায়ী ৰূপক দত্তক 7 আগষ্টত গ্ৰেপ্তাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ ফিল’বাৰীৰ টেঙানি সোণজানত বিতৰ্কিত চাহ ব্যৱসায়ীগৰাকীৰ অবৈধ চাহ বাগান উচ্ছেদ কৰি প্ৰশাসনে কৰ্দৈগুৰিৰ বান-খহনীয়াত সৰ্বস্বান্ত হোৱা 24টা পৰিয়ালক সংস্থাপিত কৰিছিল যদিও সেই স্থানৰ পৰা ৰূপক দত্তই খেদি পঠিওৱাৰ পিছতে ফিল’বাৰী আৰু ডুমডুমা থানাত ৰূপক দত্তৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ এই গোচৰৰ ভিত্তিতেই ৰূপক দত্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Tinsukia police arrested Rupak Dutta) ।
লগতে পঢ়ক : Rehabilitation of flood victims: কৰ্দৈগুৰিৰ 24 টাকৈ বানাক্ৰান্ত পৰিয়ালৰ সংস্থাপন কেতিয়া ?