ETV Bharat / city

কলিতা জনগোষ্ঠীয়ে আহ্বান কৰা অসম বন্ধৰ প্ৰভাৱ পৰিল ডুমডুমা, ৰূপাইত

author img

By

Published : Oct 10, 2020, 1:04 PM IST

ডুমডুমাত অসম বন্ধৰ ব্যাপক প্ৰভাৱ । ৰূপাইত পথত টায়াৰ জ্বলাই প্ৰতিবাদ ।

কলিতা জনগোষ্ঠীয়ে আহ্বান কৰা অসম বন্ধৰ প্ৰভাৱ পৰিল ডুমডুমা, ৰূপাইত
কলিতা জনগোষ্ঠীয়ে আহ্বান কৰা অসম বন্ধৰ প্ৰভাৱ পৰিল ডুমডুমা, ৰূপাইত

ডুমডুমা, 10 অক্টোবৰ : কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতি, কলিতা জনগোষ্ঠী যুৱ-ছাত্ৰ পৰিষদৰ লগতে কলিতা জনগোষ্ঠীৰ কেইবাটাও সংগঠনে শনিবাৰে আহ্বান কৰে 12 ঘন্টীয়া অসম বন্ধৰ ৷ শনিবাৰে পুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈ আহ্বান জনোৱা 12 ঘন্টীয়া অসম বন্ধৰ ব্যাপক প্ৰভাৱ ডুমডুমা, কাকপথাৰ, ৰূপাই আদি অঞ্চলত পৰা পৰিলক্ষিত হয় ।

অসমৰ কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে আহ্বান জনোৱা এই অসম বন্ধৰ সময়ছোৱাত কলিতা জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃত্বই কাকপথাৰ আৰু ৰূপাইত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰা পৰিলক্ষিত হ'ল ৷ 12 ঘন্টীয়া অসম বন্ধৰ ডুমডুমা, কাকপথাৰ, তালাপ, ধলা আদিত বন্ধৰ ব্যাপক প্ৰভাৱ দেখা গ'ল । বন্ধৰ সময়ছোৱাত যানবাহনসহ দোকান পোহাৰ বন্ধৰ ফলত জনজীৱন স্তব্ধ হৈ পৰে ৷

নলবাৰী : আজি কলিতা জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণৰ দাবীত কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে আহ্বান কৰা অসম বন্ধৰ প্ৰভাৱ নলবাৰীতো পৰিলক্ষিত হয় ৷ পুৱা 5 বজাৰ পৰা আবেলি 5 বজালৈ 12 ঘন্টীয়া অসম বন্ধৰ ফলত ব্যাহত হয় সাধাৰণ জীৱন যাত্ৰা । ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নলবাৰী জিলাতো বন্ধৰ কিছু প্ৰভাৱ পৰে । বন্ধ সমৰ্থনকাৰীসকলে ৰাষ্টাত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ । নলবাৰী আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক আটক কৰি নলবাৰী থানলৈ লৈ যায় ।

লগতে পঢ়ক : ডিএইচডি আৰু চৰকাৰৰ মাজৰ আলোচনাক লৈ সৰৱ দিলীপ নুনিচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.