ETV Bharat / city

তিনিচুকীয়াত আৰক্ষীয়ে উৎখাত কৰিলে চুলাই ঘাটি - Excise department destroyed Illegal Liquor

তিনিচুকীয়া আৰক্ষীৰ অবৈধ সুৰা বিৰোধী অভিযান ৷ তিনিচুকীয়াত আৰক্ষীয়ে উৎখাত কৰিলে চুলাই ঘাটি(Illegal Liquor destroyed at Tinsukia) ৷

tinsukia-police-and-excise-department-seized-large-ammount-of-illegal-liquor
তিনিচুকীয়াত আৰক্ষীয়ে উৎখাত কৰিলে চুলাই ঘাটি
author img

By

Published : Dec 18, 2021, 2:31 PM IST

তিনিচুকীয়া, 18 ডিচেম্বৰ : সমগ্ৰ ৰাজ্যত অসম আৰক্ষী(Assam police)ৰ নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহাৰ বিৰূদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত অভিযান অব্যাহত আছে ৷ এনে অপৰাধৰ সৈতে জড়িতসকলৰ বিৰূদ্ধে আৰক্ষীয়ে ঘোষণা কৰা জেহাদৰ পৰিণতি স্বৰূপে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ ইজনৰ পিছত সিজন অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷

ৰাজ্যৰ আন প্ৰান্ত সমূহৰ দৰে তিনিচুকীয়া জিলাতো নিষিদ্ধ চুলাইৰ বিৰুদ্ধে অভিযান চলোৱাৰ সমান্তৰালকৈ এইবাৰ আবকাৰী বিভাগৰ সহযোগত চুলাই মদৰ ব্যৱসায়ীৰ বিৰূদ্ধে সক্ৰিয় হৈছে তিনিচুকীয়া আৰক্ষী ।

উল্লেখ্য যে, জিলাখনত আবকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ লোকে জিলাখনৰ অলিয়ে গলিয়ে চলাই আহিছে চুলাই মদৰ ৰমৰমীয়া বেহা ৷ যি চুলাই সেৱন কৰি বহু ব্যক্তিৰ জীৱনলৈ অমানিশা নামি আহিছে সেই চুলাই মদৰ বিক্ৰী তথা সেৱনে জিলাখনত ঋণাত্মক পৰিৱেশৰ সৃষ্টি কৰাত ইয়াৰ বিৰুদ্ধে সষ্টম হৈছে আৰক্ষী ৷ শেহতীয়াকৈ শুকুৰবাৰে তিনিচুকীয়াৰ আবকাৰী বিভাগৰ পৰিদৰ্শক চি. কে বৰুৱাৰ নেতৃত্ব(Inspector of Excise Department of C. K. Baruah)ত তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত চলোৱা এক অভিযানত চুলাই বনোৱা সজুঁলিসহ বৃহৎ পৰিমাণৰ চুলাই জব্দ কৰে(Illegal liquor destroyed at Tinsukia) ৷ লগতে বিভিন্ন অঞ্চলত থকা কেইবাটাও চুলাইৰ ঘাটি উৎখাত কৰে ৷

tinsukia-police-and-excise-department-seized-large-ammount-of-illegal-liquor
তিনিচুকীয়াত আৰক্ষীয়ে উৎখাত কৰিলে চুলাই ঘাটি

জানিব পৰা মতে, শুকুৰবাৰে তিনিচুকীয়াৰ পাখৰীজান, দেউহাল, কুঁৱৰী পথাৰ, বৰজান, বিস্ফুটিয়া, ৰাজাআলি, চাপৰিত আবকাৰী বিভাগ আৰু তিনিচুকীয়া আৰক্ষীৰ সহযোগত এই অভিযান চলোৱা হয়(Tinsukia police and Excise department destroyed large ammount of illegal liquor) ৷ এই অভিযানত অভিযানকাৰী দলটোৱে প্ৰায় 3600 লিটাৰ চুলাই বনুৱা পাছ, 180 লিটাৰ চুলাই আৰু 8 টাকৈ চুলাই বনোৱা সজুঁলি জব্দ কৰে ৷

উল্লেখ্য যে, লালীগুৰৰ ওপৰত অসম চৰকাৰে নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো সম্প্ৰতি এই গাঁও সমূহত কেনেধৰণে লালি গুৰৰ প্ৰচলন হৈ আছে ই এক ডাঙৰ প্ৰশ্ন ? জানিব পৰা মতে, এই গাঁও সমুহত গুৰৰ ব্যৱসায় কৰা লোকসকলৰ পৰা প্ৰশাসনৰ বিভাগীয় বিষয়াই মোটা অংকৰ ধনৰ লেন দেন কৰে । আনহাতে গাঁও সমূহত পালন কৰা পশুধনক খুৱাবলৈ প্ৰত্যেক নিশাই গাড়ীয়ে গাড়ীয়ে লালি গুৰ আহে বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Pradip Buragohain case : পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰদীপ বুঢ়াগোহাঁই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.