মাৰ্ঘেৰিটা, 9 অক্টোবৰ : মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বৰগোলাই মাটি লাইনতস্থিত বিট্ৰিছ কুমাৰ কয়লা ভাটাত শুকুৰবাৰে নিশা মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযান চলায় ৷ অভিযানৰ সময়ত মাৰ্ঘেৰিটা আৰক্ষীয়ে পি বি ১৯ চি ৯৬৮৪ নম্বৰ এখন কয়লাভৰ্তি ট্ৰাক জব্দ কৰে ।

যি সময়ত উত্তৰ পূৱৰ অন্যতম কয়লাৰ উদ্যোগটোত বিগত দুটা বছৰ ধৰি উৎপাদন আৰু সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ আছে, তেনে সময়তে আৰক্ষীৰ চকুত ধুলি দি একাংশ লোকে চোৰাং কয়লা সৰবৰাহ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

মাৰ্ঘেৰিটা আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কয়লা সৰবৰাহৰ চেষ্টা কৰা সময়তে জব্দ কৰে কয়লা ভৰ্তি ট্ৰাকখন ৷ ইতিমধ্যেই গাড়ীৰ চালকসহ দুজনক আটক কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্তত আঢ়ৈ কোটি টকাৰ মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ