মৰিয়নী, 18 জুনঃ যোৰহাট জিলাৰ মৰিয়নীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । হ'ম কোৱাৰেণ্টাইনৰ আদেশ অমান্য কৰাৰ অভিযোগ উঠিছে এগৰাকী অনা অসমীয়া ব্যৱসায়ী পৰিয়ালৰ ওপৰত । মৰিয়নীৰ নগৰৰ মাজমজিয়াত থকা এটা পৰিয়ালৰ চাৰিজন লোকক হ'ম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়াৰ পাছতো একেলগে বসবাস কৰা পৰিয়ালৰে আন সদস্যৰ দ্বাৰা ব্যৱসায়ী প্ৰতিষ্ঠান খোলাক লৈ অসন্তুষ্টি প্ৰকাশ স্থানীয় ৰাইজৰ ।
জানিব পৰা মতে,মৰিয়নী নগৰৰ মাজমজিয়াত অৱস্থিতি বি.কে হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকী বিনোদ কুমাৰ আগৰৱালাৰ পুত্ৰ বোৱাৰী নাতি সহিতে চাৰিজন লোক যোৱা 13 জুনত মহাৰাষ্ট্ৰ পৰা মৰিয়নীলৈ আহি উপস্থিত হৈছিল । কিন্তু পুত্ৰৰ আগমনৰ খবৰ গোপনে ৰাখিছিল ব্যৱসায়ীগৰাকীয়ে । সমান্তৰালকৈ আগৰৱালাই নিজৰ দুখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠানো খোলা ৰাখিছিল ।
ইয়াৰ পাচতেই সেই অঞ্চলৰ কৰ্তব্যৰত আশা কৰ্মীয়ে আগৰৱালাৰ পুত্ৰ অহাৰ খবৰ গোপনে ৰখাৰ সম্ভেদ পাই 4 দিনৰ পাছত অৰ্থাৎ 17 তাৰিখে আগৰৱালা ঘৰত উপস্থিত হয় । চৰকাৰী নিয়ম অনুযায়ী আশা কৰ্মী আৰু বিভাগীয় লোক সকলে ঘৰৰ সন্মুখ ভাগত হ'ম কোৱাৰেণ্টাইনৰ প'ষ্টাৰ আৰি দিয়ে । বাসগৃহ আৰু একেলগে থকা ব্যৱসায়ী প্ৰতিষ্ঠানৰ সন্মুখত আঁৰি দিয়া হয় হ'ম কোৱাৰেণ্টাইনৰ ফলক । কিন্তু বুধবাৰে নিশাই ফলক ছিঙি পেলাই বৃহস্পতিবাৰে পুৱাৰ ভাগৰ পৰা নিজৰ দুখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠান খোলা ৰাখে ব্যৱসায়ী বিনোদ আগৰৱালাই ।
বৃহস্পতিবাৰে দিনৰ ভাগত বিনোদ আগৰৱালাৰ এই কাণ্ডৰ বিষয়ে স্থানীয় ৰাইজৰ লগতে সাংবাদিকে গম পোৱাত সেই স্থানত উপস্থিত হয় তেওঁক এনে কাৰ্য কৰাৰ ফলত তীব্ৰ গৰিহণা প্ৰদান কৰে ।
ইতিমধ্যে আগৰৱালা গৃহত আশা কৰ্মীৰ লগতে বিভাগীয় লোক পুনৰ উপস্থিত হৈ পৰিয়ালটোৰ মহাৰাষ্ট্ৰ পৰা অহা চাৰিজন সদস্যৰ লগতে বিনোদ আগৰৱালা তথা তেওঁলোকৰ পৰিয়ালৰ সৰ্বমুঠ 13 জন সদস্যক বৃহস্পতিবাৰৰ পৰা পুনৰ 14 দিনৰ হ'ম কোৱাৰেণ্টাইনৰ নিৰ্দেশনা জাৰি কৰে । লগতে আগৰৱালা দুখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে ।