তিনিচুকীয়া, 21 জুলাই : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ চাংলাং তিনিআলিত মঙলবাৰে নিশা সংঘটিত হয় এটা ভয়ংকৰ অগ্নিকাণ্ড ৷ বিধান দেব নামৰ ব্যক্তিজনৰ এটা গেৰেজত সংঘটিত হয় এই অগ্নিকাণ্ডটো । এই অগ্নিকাণ্ডত গেৰেজটোত থকা কেইবাখনো বাহন জ্বলি ভস্মীভূত হয় ।
গেৰেজটোৰ নিচেই কাষতে থকা বিধান দেৱৰ বাসগৃহটোলৈ জুই সংক্ৰমিত হয় ৷ ফলত ঘৰটো সম্পূৰ্ণ ভস্মীভূত হয় । এই অগ্নিকাণ্ডটোত প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ ফলত কেইবাটাও গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈছে বুলি স্থানীয় ৰাইজে অৱগত কৰে ৷
অগ্নিকাণ্ডটো সংঘটিত হোৱাত ততালিকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও ইতিমধ্যে সকলো সা-সম্পত্তি ভস্মীভূত হয় । অগ্নিকাণ্ডৰ কাৰণ এই মূহুৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।
আনহাতে, গুৰুত্বপূৰ্ণ কথা গেৰেজটোৰ তেনেই সমীপত এটা পেট্ৰ'ল ডিপো আছিল যদিও কথমপি ৰক্ষা পৰে তেল ডিপোটো ৷ কিবাকাৰণত যদি অগ্নি সংযোগ হ'ল তেনেহলে অঞ্চলজুৰি এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হল হয় বুলি ৰাইজে অৱগত কৰে ৷
সমান্তৰালকৈ, মঙলবাৰে পুৱতি নিশা কাছাৰ জিলাৰ শ্ৰীকোনা টিভি টাৱাৰ ৰোডত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ অঞ্চলটোৰ অম্বিকা সিনহা নামৰ বিধৱা মহিলাগৰাকীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে মহিলাগৰাকীৰ বাসগৃহটো ৷
ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ জুইত জাহ যায় প্ৰায় 50 লাখ টকাৰ সা-সম্পত্তিৰ লগতে বিভিন্ন প্ৰয়োজনীয় নথি পত্ৰ ৷ বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিটৰ বাবেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ লগতে অসহায় মহিলাগৰাকীক সহায় কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে স্থানীয় লোকে ৷
লগতে পঢ়ক-কাছাৰৰ শ্ৰীকোনা টিভি টাৱাৰ ৰোডত বিধ্বংসী অগ্নিকাণ্ড