ETV Bharat / city

Dileswar Tanti passes away: প্ৰাক্তন মন্ত্ৰী দিলেশ্বৰ তাঁতীৰ দেহাৱসান

author img

By

Published : Aug 3, 2022, 8:03 PM IST

প্ৰাক্তন মন্ত্ৰী তথা ডুমডুমা সমষ্টিক ছবাৰকৈ প্ৰতিনিধিত্ব কৰা বৰ্ষীয়ান কংগ্ৰেছ নেতা দিলেশ্বৰ তাঁতীৰ দেহাৱসান (EX Minister Dileswar Tanti passes away) ৷ হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাৰ শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰী আছিল দিলেশ্বৰ তাঁতী ৷

Dileswar Tanti passes away
Dileswar Tanti passes away

নিউজ ডেস্ক, 3 আগষ্ট : প্ৰাক্তন মন্ত্ৰী তথা ডুমডুমা সমষ্টিৰ প্ৰায় ছটা কাৰ্যকালৰ বিধায়ক দিলেশ্বৰ তাঁতীৰ দেহাৱসান (EX Minister Dileswar Tanti passes away) ৷ বুধবাৰে দিনৰ 2.50 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অসম চাহ মজদুৰ সংঘৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক তথা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে (Former minister Dileswar Tanti) ৷ যোৱা 11 জুলাইত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাৰ শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰীগৰাকীক ৷

  • প্ৰাক্তন মন্ত্ৰী দিলেশ্বৰ তাঁতীদেৱৰ বিয়োগৰ বাতৰিয়ে গভীৰভাৱে মৰ্মাহত কৰিলে৷ ৰাজ্যৰ সমাজ-ৰাজনৈতিক ক্ষেত্ৰলৈ তেখেতে যি বৰঙণি আগবঢ়াই গৈছে সেয়া স্মৰণীয় হৈ থাকিব ৷ তেখেতৰ বিয়োগ অপূৰণীয় ক্ষতি ৷ তাঁতীদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ৷

    — Himanta Biswa Sarma (@himantabiswa) August 3, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, 1978 চনৰ পৰা 2006 চনলৈকে ডুমডুমা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা তাঁতী চাহ জনগোষ্ঠীয় সম্প্ৰদায়ৰ মাজত এগৰাকী অত্যন্ত জনপ্ৰিয় নেতা হোৱাৰ লগতে অসম চাহ মজদুৰ সংঘৰো তেওঁ আছিল সাধাৰণ সম্পাদক ৷ ওৰেতো ৰাজনৈতিক জীৱনত এজন নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী হিচাবেই কাৰ্যনিৰ্বাহ কৰি আহিছিল বৰ্ষীয়ান নেতাগৰাকীয়ে ৷ মূল্যবোধৰ ৰাজনীতিৰে পৰিচালিত এই নেতাগৰাকীয়েও ক্ষমতাৰ স্বাৰ্থত কৰা নাছিল দল সলোৱাৰ ৰাজনীতি ৷

তেখেতৰ বিয়োগত অসম চাহ মজদুৰ সংঘ ডুমডুমা শাখাৰ প্ৰতি গৰাকী নিষ্ঠাৱান কৰ্মীয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই ডুমডুমা চেম্বাৰ্চ অৱ কমাৰ্চে বৃহস্পতিবাৰে পুৱা 8 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে সকলো ব্যৱসায়িক অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ৰাজ্যৰ ৰাজনীতিৰ দুগৰাকী মহীৰূহ চিকিৎসাধীন: আশু আৰোগ্যৰ বাবে সৰ্বত্ৰে প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.