ETV Bharat / city

শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিলে আটছাই - নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ - ছাত্ৰী

শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিলে আটছাৰ ডিগবৈ, মাৰ্ঘেৰিটা আৰু পেঙেৰী আঞ্চলিক সমিতিয়ে । ৰাজপথত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাৰ সদস্যসকলে ।

শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ
author img

By

Published : Jul 19, 2019, 11:19 PM IST

মাৰ্ঘেৰিটা, ১৯ জুলাই : তিনিচুকীয়া জিলাৰ মহাবিদ্যালয় সমূহত ছাত্ৰ - ছাত্ৰীৰ নামভৰ্তিক কেন্দ্ৰ কৰি সমস্যাৰ সৃষ্টি হোৱাৰ সময়তে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিকৃতি দাহ কৰিলে আটছাই । উল্লেখ্য যে, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষনাৰ বহু মাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত সাতশৰো অধিক ছাত্ৰ - ছাত্ৰীয়ে নামভৰ্তিৰ পৰা বঞ্চিত হৈ আছে । সেয়েহে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিগবৈ, মাৰ্ঘেৰিটা আৰু পেঙেৰী শাখাই শুকুৰবাৰে যুটীয়াভাৱে ডিগবৈৰ ৰাজপথত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ শিক্ষা বিভাগক নিৰ্দেশ দিয়াৰ পাছতো ৰাজ্যৰ শিক্ষা বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে । অতিশীঘ্ৰে নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ - ছাত্ৰীক নামভৰ্তিৰ ব্যৱস্থা কৰি নিদিলে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে ।

Intro: ডিগবৈত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে আটছাৰ মাৰ্ঘেৰিটা,ডিগবৈ আৰু পেঙেৰীৰ আঞ্চলিক সমিতিয়ে।

V/O: --তিনিচুকীয়াৰ জিলাৰ মহাবিদ্যালয় সমূহত ছাত্র ছাত্ৰীৰ নামভৰ্তিক কেন্দ্ৰ কৰি ডিগবৈত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ । হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰিক্ষাৰ ফলাফল ঘোষনা হোৱাৰ বহু মাহ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত নামভৰ্তিৰ পৰা বঞ্চিত হৈ আছে প্ৰায় সাত শ ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে । সেয়েহে সদৌ অসম চাহ জনজাতী ছাত্র সন্থা ৰ ডিগবৈ শাখা, মাৰ্ঘেৰিটাৰ শাখা আৰু পেঙেৰীৰ শাখাই আজি যুটীয়া ভাবে ডিগবৈ ৰ ৰাজপথত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহ দাহ কৰি ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ সংগঠনে এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ অন্তত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষা বিভাগক নিৰ্দেশ দিয়াৰ পাছতো ৰাজ্যৰ শিক্ষা বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে সংগঠনটোৱে। অতি শীঘ্ৰে যদি নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীক নামভৰ্তীৰ ব্যৱস্থা কৰি নিদিয়ে তেন্তে আটছাই জংগী আন্দোলনৰ হুংকাৰ দিয়ে ।

Body:Byte-AATSA LEADERConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.