ETV Bharat / city

বিজেপিলৈ যোৱাৰ প্ৰশ্নই নুঠে : দুৰ্গা ভূমিজ - তিনিচুকীয়া জিলা

বিজেপি দললৈ যোৱাৰ প্ৰশ্নই নুঠে এই মন্তব্য ডুমডুমাৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজৰ ৷ বিজেপি দলে আগন্তুক বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয় হোৱাৰ ভয়তে জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ।

বিজেপিলৈ যোৱাৰ প্ৰশ্নই নুঠে : দুৰ্গা ভূমিজ

author img

By

Published : Mar 16, 2020, 12:22 PM IST

ডুমডুমা, 16 মাৰ্চ: শেহতীয়াকৈ বিভিন্ন সামাজিক মাধ্যম,সংবাদ মাধ্যমত তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু কেইজন কংগ্ৰেছী বিধায়ক নেতা কৰ্মীয়ে অনতিপলমে বিজেপি দলত যোগদান কৰাৰ বাৰ্তা প্ৰচাৰ কৰাৰ পাচতেই ডুমডুমাৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজৰ প্ৰতিক্ৰিয়া ৷ বিজেপি দললৈ যোৱাৰ প্ৰশ্নই নুঠে বুলি মন্তব্য কৰে ডুমডুমাৰ কংগ্ৰেছী বিধায়কগৰাকীয়ে ৷ লগতে কয় বিজেপি দলে আগন্তুক বিধানসভা নিৰ্বাচনত শোচনীয় ৰূপত পৰাজয় হোৱাৰ ভয়তে জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে । যাৰ ফলত বহু কেইজন কংগ্ৰেছী বিধায়কে বিজেপি দলত যোগদান কৰিব বুলি ভুৱা প্ৰচাৰ আৰম্ভ কৰিছে । ধৰ্মীয় সাম্প্ৰদায়িক ৰাজনীতিৰ সৈতে জড়িত ৰাজনৈতিক দলত দুৰ্গা ভূমিজে কেতিয়াও যোগদান নকৰে ৷ দেওবাৰে তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ গাভৰুভেটি গাওঁ পঞ্চায়তৰ পাঁচ নং ৱাৰ্ডৰ ৰংপুৰ গাঁৱত অনুষ্ঠিত কংগ্ৰেছ দলৰ গাভৰুভেটি মণ্ডল সমিতিৰ কৰ্মী সভাৰ অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে বিধায়কগৰাকীয়ে ।

বিজেপিলৈ যোৱাৰ প্ৰশ্নই নুঠে : দুৰ্গা ভূমিজ

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা বিভিন্ন সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত বহু কেইজন কংগ্ৰেছী বিধায়ক নেতা কৰ্মীয়ে অনতিপলমে বিজেপি দলত যোগদান কৰাৰ বাৰ্তা প্ৰচাৰ হৈছিল, য’ত 125 নং ডুমডুমা বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজৰ নামো সন্নিবিষ্ট আছিল । সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি তথা বৰ্তমানৰ কংগ্ৰেছী নেতা উদয় সিঙ লিম্বুৰ সভাপতিত্বত অনুষ্ঠিত দেওবাবৰ দলীয় সভাত ভাষণ দি দুৰ্গা ভূমিজে বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক ৰাজনীতিক ক্ষুৰধাৰ সমালোচনা কৰে ।

ভাৰতৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ দৃষ্টিভংগীক ধূলিস্যাৎ কৰি বিজেপি দলে এটা নিৰ্দিষ্ট ধৰ্মৰ লোকক "কা" আইনৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰা কাৰ্যকো ভূমিজে তীব্ৰ বিৰোধিতা কৰে । সভাখনতেই বহু কেইজন বিজেপি দলৰ সদস্যই কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে । অৱসৰপ্ৰাপ্ত শিক্ষক শোণিত কুমাৰ গগৈ, ৰাজেন মেধি, লক্ষী সোণোৱাল আদিয়ে অংশ গ্ৰহণ কৰা আৰু শতাধিক লোক উপস্থিত থকা কংগ্ৰেছ দলৰ এই কৰ্মী সভাই ডুমডুমা বিধান সভা সমষ্টিত কংগ্ৰেছৰ সবল স্থিতিকেই প্ৰতিপন্ন কৰিছে বুলিও সভাত বিধায়কজনে ব্যক্ত কৰে ।

বিটিচি নিৰ্বাচন: ইউপিপিএলৰ 22 জনীয়া প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.