ETV Bharat / city

তিনিচুকীয়াৰ হাপজানত মন্দিৰ ৰক্ষাৰ্থে ভক্তৰ ধৰ্মঘট - তিনিচুকীয়াৰ হাপজানত মন্দিৰ ৰক্ষাৰ্থে ভক্তৰ ধৰ্মঘট

তিনিচুকীয়াৰ এটি হনুমান মন্দিৰত পৰিল চৰকাৰৰ শেনচকু ৷ উচ্ছেদৰ নিৰ্দেশ মন্দিৰ পৰিচালনা কমিটিক ৷ চৰকাৰী নিৰ্দেশ লাভৰ পিছতে ধৰ্মঘটত (Devotees strike to protect temple) বহিল স্থানীয় ৰাইজ ৷

Protest-halts-eviction-drive-around-at-hapjan-hanuman-temple
হাপজানত হনুমান মন্দিৰত চৰকাৰৰ উচ্ছেদ অভিযান
author img

By

Published : Jan 1, 2022, 11:50 AM IST

শদিয়া, 1 জানুৱাৰী : ৰাজ্যৰ যিকোনো প্ৰান্তৰ বাট-পথৰ দাঁতিত প্ৰায়ে দেখা যায় বিভিন্ন দেৱ-দেৱীৰ মন্দিৰ ৷ এই মন্দিৰ সমূহত বিভিন্ন সময়ত পৰিলক্ষিত হয় চৰকাৰৰ হাতোৰা পৰা ৷ তেনে অৱস্থাত স্থানীয় লোক আৰু প্ৰশাসনৰ মাজত সৃষ্টি হয় সংঘাত ৷

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ অন্তৰ্গত বৰহাপজানত প্ৰায় 60 বছৰ পূৰ্বে ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কৰা হৈছিল এটি হনুমান মন্দিৰ ৷ কিন্তু বৰ্তমান মন্দিৰটোত পৰিছে চৰকাৰী বিভাগৰ ৰঙাচকু ৷ জিলাখনৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে লাগি থকা মন্দিৰটো ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে উচ্ছেদ কৰিবলৈ যো-জা চলাই 28 ডিচেম্বৰত জাৰি কৰিছিল এক জাননী ৷

হাপজানত হনুমান মন্দিৰত চৰকাৰৰ উচ্ছেদ অভিযান

উক্ত জাননী অনুসৰি, মন্দিৰটো উচ্ছেদৰ বাবে পৰিচালনা সমিতিক প্ৰশাসনে বান্ধি দিছিল 48 ঘণ্টাৰ সময়সীমা ৷ প্ৰশাসনৰ উক্ত সময়সীমাৰ পিছতেই স্থানীয় ভক্তগণে মন্দিৰ প্ৰাংগণত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ (Devotees strike to protect temple) কৰে ৷ প্ৰতিবাদকাৰীসকলে মন্দিৰটো স্থানান্তৰ কৰিবলৈ 6 মাহৰ সময় সীমা প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ৷

স্থানীয় লোকসকলৰ এই দাবীক বিভাগে কি দৰে গ্ৰহণ কৰে অথবা ৰাইজৰ দাবী ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়াই মানি 6 মাহৰ সময়সীমা প্ৰদান কৰিব নে নাই, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : 12 dead at Mata Vaishno Devi Temple : কাটৰাত বৈষ্ণো দেৱী মন্দিৰত পদপিষ্ট হৈ মৃত্যু 12 জনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.