ETV Bharat / city

ৰাহুল গান্ধীৰ জন্মদিৱস উপলক্ষে কংগ্ৰেছৰ অংগীকাৰ দিৱস পালন

কাকপথাৰত জৰুৰীকালিন সেৱাত জড়িত লোকসকলৰ মাজত মাস্ক,ছেনিটাইজাৰ বিতৰণ ।

author img

By

Published : Jun 19, 2020, 9:12 PM IST

Congress meeting at Sadiya
Congress meeting at SadiyaCongress meeting at Sadiya

কাকপথাৰ, 19 জুনঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জন্ম দিৱস উপলক্ষে কাকপথাৰত অংগীকাৰ দিৱস পালন কংগ্ৰেছৰ । কাকপথাৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত দেশৰ সীমান্তত দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলৰ স্মৃতিত মৌন প্ৰাৰ্থনা,জৰুৰীকালিন সেৱাত জড়িত সংবাদকৰ্মী, চিকিৎসা কৰ্মী সকলক ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰা হয় ।

ৰাহুল গান্ধীৰ জন্মদিৱস উপলক্ষে কংগ্ৰেছৰ অংগীকাৰ দিৱস পালন

অংগীকাৰ নামা পাঠ কৰা কংগ্ৰেছ দলৰ এই তাৎপৰ্যপূৰ্ণ কাৰ্যসূচীখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক বিৰিঞ্চী নেওগ,কাকপথাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী লক্ষিমাই হাজৰীকা,আঞ্চলিক পঞ্চায়তৰ সদস্য কেশৱ দত্ত,কাকপথাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি কুমুদ দহোটীয়াকে ধৰি নেতা কৰ্মী উপস্থিত থাকে ৷

এই অংগীকাৰ দিৱস কাৰ্যসূচীতে 2021 বৰ্ষত হ'বলগীয়া সাধাৰণ নিৰ্বাচনত অসমত অসমৰ ৰাইজে কংগ্ৰেছ দলক আঁকোৱালি লৈ কংগ্ৰেছক ভোট প্ৰদান কৰি কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছ নেতা বিৰিঞ্চি নেওগে ৷

লগতে চাওকঃ বাঢ়নি পানীয়ে উটুৱাই নিলে চিৰাঙৰ নাঙলভাঙাৰ একমাত্ৰ বাঁহৰ দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.