ETV Bharat / city

তিনিচুকীয়াৰ লক্ষীপথাৰ বনাঞ্চলত পুনৰ জব্দ চোৰাং কনডেন্স তেল

author img

By

Published : May 28, 2022, 6:24 PM IST

শনিবাৰে অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তা বাহিনী আৰু লাংকাছী আৰক্ষী চকীৰ সহযোগত অভিযান চলাই লক্ষীপথাৰ বনাঞ্চলত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ চোৰাং কনডেন্স তেল জব্দ কৰে (Condensate oil seized in Tinsukia) ৷

condensate-oil-seized-in-tinsukia-by-tinsukia-police-and-oil-security
তিনিচুকীয়াৰ লক্ষীপথাৰ বনাঞ্চলত পুনৰ চোৰাং কনডেন্স তেল জব্দ

তিনিচুকীয়া, 28 মে’: ৰাজ্যৰ উজনিৰ ভাগৰ বিভিন্ন স্থানত দীৰ্ঘদিনৰ পৰা দুষ্ট চক্ৰই চোৰাং ভাৱে কৰি আহিছে তেল চুৰি ৷ বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই এই তেল চুৰি কাৰ্যৰ লগত জড়িত বহুজনক আটক কৰিবলৈ সক্ষম হৈছে ৷ পিছে অতি পৰিতাপৰ কথা যে, আজি পৰ্যন্ত এই দুষ্ট চক্ৰটোৱে আৰক্ষীৰ চকুত ধুলি দি গোপনে অব্যাহত ৰাখিছে তেল চুৰি কাৰ্য ৷

শেহতীয়াকৈ তিনিচুকীয়াৰ মাকুম অঞ্চলৰ অন্তৰ্গত ডিমৰুহোলা গাঁৱৰ কাষতে লাগি থকা লক্ষীপথাৰ বনাঞ্চলৰ পৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কনডেন্স তেল জব্দ কৰে (Condensate oil seized in Tinsukia) ৷ এক গোপন সূত্ৰৰ ভিত্তিত শনিবাৰে অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তা বাহিনী আৰু লাংকাছী আৰক্ষী চকীৰ এটা যৌথ দলে অভিযান চলাই লক্ষীপথাৰ বনাঞ্চলত মজুত কৰি ৰখা প্ৰায় 1700 লিটাৰ চোৰাং কনডেন্স তেল জব্দ কৰে (Condensate oil seized by Police and Oil Security) ৷

তিনিচুকীয়া জিলাৰ লক্ষীপথাৰ বনাঞ্চলত পুনৰ চোৰাং কনডেন্স তেল জব্দ

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ ইতিমধ্যে জব্দ কৰা বৃহৎ পৰিমাণৰ তেলখিনি অইলৰ নিৰাপত্তা বাহিনীৰ দলটোৱে এখন এজাহাৰ সহ লাংকাছি আৰক্ষী চকীত চমজাই দিয়ে ৷ অচিৰেই এই সন্দৰ্ভত বহুকেইজন লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ এই চক্ৰটো যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে, তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে আৰক্ষী তথা প্ৰশাসনক দাবী জনাইছে ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ 31 মাৰ্চত লক্ষীপথাৰ বনাঞ্চলৰ সেই একেটা স্থানতে অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তা বাহিনী, তিনিচুকীয়া আৰক্ষী, বৰডুবি আৰক্ষী আৰু লাংকাছী আৰক্ষীৰ এটা যৌথ দলে অভিযান চলাই বনাঞ্চলত মজুত কৰি ৰখা প্ৰায় 2700 লিটাৰ চোৰাং কনডেন্স তেল জব্দ কৰিছিল ৷ লগতে অভিযানকাৰী দলটোৱে জব্দ কৰিছিল নম্বৰ বিহীন এখন মাৰুতি ভেন ৷

লগতে পঢ়ক: Murder in Lakhimpur : ৰহস্যজনকভাৱে পথাৰত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.