ETV Bharat / city

কেনে অৱস্থাত আছে বাঘজান আশ্ৰয় শিৱিৰৰ লোকসকল, এক প্ৰতিবেদন - Baghjan Relief Camp, how the People living there a detailed Report

বাঘজানৰ ভয়াৱহ জুয়ে সৰ্বশ্ৰান্ত কৰা পৰিয়ালক চৰকাৰে আশ্ৰয় শিবিৰত ৰাখিছে সঁচা, কিন্তু কৰ'ণা মহামাৰীৰ কথা ভাবি এই আশ্ৰয় শিৱিৰবোৰলৈ এবাৰ চালে আপোনাৰো দুখ আৰু ভয় লাগি উঠিব । পকী মজিয়াত চাৰি মহীয়া কেচুৱা শুই পৰিছে, একোটা কোঠাতে ইজনে সিজনৰ গাত লাগি বহি শুই দিন পাৰ কৰিছে এইসকল খিলঞ্জীয়াই ।

কেনে আছে বাঘজানৰ আশ্ৰয় শিৱিৰৰ লোকসকল
কেনে আছে বাঘজানৰ আশ্ৰয় শিৱিৰৰ লোকসকল
author img

By

Published : Jun 14, 2020, 4:06 AM IST

তিনিচুকীয়া, 14 জুন : এফালে প্ৰচন্দ জুইত নিজ ঘৰ-বাৰী হেৰুৱাই সৰ্বশ্ৰান্ত, সেই একে সময়তে আশ্ৰয় শিৱিৰত মাৰাত্মক কৰ'ণা সংক্ৰমণৰ ভয়াৱহতাত দিন কটাইছে বাঘজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালবোৰে ৷ বাঘজানৰ তৈলখাদ বিস্ফোৰণত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ আশ্ৰয় শিৱিৰত থকা লোকসকলৰ স্বাস্থ্যক লৈ কিমান সজাগ অইল ইণ্ডিয়া কৰ্তৃপক্ষ তথা চৰকাৰ তাৰ বাবে আমি গৈ উপস্থিত হৈছিলো এক আশ্ৰয় শিৱিৰত ৷ কিন্তু আশ্ৰয় শিৱিৰৰ অৱস্থাত প্ৰত্যক্ষ কৰিলে নিশ্চয়কৈ ক'ব পাৰি যে, এইসকল ক্ষতিগ্ৰস্ত লোকক লৈ চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষ তিলমাত্ৰও সচেতন তথা সজাগ নহয় ৷

তিনিচুকীয়াৰ পৰা জেচিম আহমেদ

বাঘজানৰ ভয়াৱহ জুয়ে সৰ্বশ্ৰান্ত কৰা পৰিয়ালক চৰকাৰে আশ্ৰয় শিবিৰত ৰাখিছে সঁচা, কিন্তু কৰ'ণা মহামাৰীৰ কথা ভাবি এই আশ্ৰয় শিৱিৰবোৰলৈ এবাৰ চালে আপোনাৰো দুখ আৰু ভয় লাগি উঠিব । পকী মজিয়াত চাৰি মহীয়া কেচুৱা শুই পৰিছে, একোটা কোঠাতে ইজনে সিজনৰ গাত লাগি বহি শুই দিন পাৰ কৰিছে এইসকল খিলঞ্জীয়াই ।

চৰকাৰী সজাগতাৰ বাৰ্তাই ঢুকি নোপোৱা এইসকল খাতি-খোৱা সহজ-সৰল লোকৰ মাজত কেনেবাকৈ যদি ভয়াৱহ কৰ'ণাৰ বীজানু বিয়পি পৰে তেন্তে পৰিস্থিতি কিমান ভয়াৱহ হ'ব পাৰে তাক কোনেও কম্পনা কৰিবও নোৱাৰিব ৷ এই শিৱিৰত যদিও চিকিৎসা সেৱাৰ আয়োজন কৰা হৈছে, কিন্তু প্ৰাথমিকভাৱে পৰীক্ষা কৰিয়েই সামৰা হৈছে দ্বায়িত্ব ।

বাঘজানৰ আশ্ৰয় শিৱিৰ সন্দৰ্ভত স্বাস্থ্যকৰ্মীৰ মন্তব্য

তৈল খাদটোৰ জুইত ক্ষতিগ্ৰস্ত হৈ তিনিচুকীয়াৰ মুঠ 14 টা আশ্ৰয় শিৱিৰত থকা লোকৰ ক্ষেত্ৰত বৰ্তমানলৈকে নাই সামাজিক দূৰত্বৰ বাবে সজাগতাৰ কোনো ব্যৱস্থা । যাৰ বাবে যি কোনো মূহুৰ্ততে কৰ'ণা ভাইৰাছ বিয়পি পৰিব পাৰে । আশ্ৰয় শিৱিৰসমূহৰ অৱস্থাই এইসকল লোকৰ ক্ষেত্ৰত চৰকাৰ তথা অইল কৰ্তৃপক্ষৰ অৱহেলিত মনোভাৱ স্পষ্ট হৈ পৰে ।

বাঘজানৰ আশ্ৰয় শিৱিৰ সন্দৰ্ভত জাতীয় সংগঠনৰ মন্তব্য

আশ্ৰয়স্থলী অনাময়ৰ ক্ষেত্ৰতো দেখা নগ'ল কোনো সুচল ব্যৱস্থা । ইতিমধ্যেই এই আশ্ৰয় শিৱিৰ পৰিদৰ্শনৰ বাবে অহা নেতৃস্থানীয় লোকৰ ইয়াক লৈ আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । কংগ্ৰেছী নেতা দূৰ্গা ভূমিজসহ জাতীয় সংগঠনৰ নেতাই এটা শিৱিৰ পৰিদৰ্শন কৰি লোকসকলক গৰু-ছাগলীৰ দৰে ৰখা হৈছে বুলি উল্লেখ কৰে ।

বাঘজানৰ আশ্ৰয় শিৱিৰ সন্দৰ্ভত বিধায়ক দূৰ্গা ভূমিজৰ মন্তব্য

উল্লেখ যে, অভিযোগ অনুসৰি অইল ইণ্ডিয়াৰ বাবেই একপ্ৰকাৰ সকলো হেৰুৱাব লগা হোৱা এইসকল অসহায় লোকৰ ক্ষেত্ৰত এতিয়াও বৃহৎ অৰ্থ-সমৃদ্ধ প্ৰতিষ্ঠানটোৰ ভূমিকা এই শিবিৰবোৰলৈ চালেই স্পষ্ট হৈ পৰে ।

লগতে পঢ়কঃ বাঘজানত উপস্থিত হ'বলৈ সময় নাই মুখ্যমন্ত্ৰীৰ, লুৰিণৰ প্ৰতিক্ৰিয়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.