ETV Bharat / city

'কা' বাতিলৰ দাবীত কাকপথাৰত আছুৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jan 24, 2021, 10:41 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি কাকপথাৰত আজি আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰী সকলে।

aasu protest kakopather
'কা' বাতিলৰ দাবীত কাকপথাৰত আছুৰ উত্তাল প্ৰতিবাদ

শদিয়া,24 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ দেওবাৰেও অমিত শ্বাহৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ছাত্ৰ সংগঠনটোৱে ৷ সমান্তৰালকৈ তিনিচুকীয়াৰ কাকপথাৰতো চৰকাৰৰ বিৰুদ্ধে আছুৱে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি ৰাজপথত দাহ কৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ প্ৰতিলিপি । কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই কাকপথাৰ চহৰৰ মাজ মজিয়াৰ শ্বহীদ বেদিৰ সন্মুখত "কা" ৰ প্ৰতিলিপি দাহ কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ ইফালে অৰ্ধশতাধিক আছু কৰ্মীয়ে বিজেপি বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

ইফালে ৰাজপথত আন্দোলন কৰি ক্ষমতা হস্তগত কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি "অসমে কেতিয়াও হিন্দু অথবা মুছলমান বাংলাদেশীৰ বোজা নলয়" বুলি স্পষ্ট কৰি দিয়ে ছাত্ৰ সংগঠনটোৱে ৷ বিশেষকৈ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰা, 'কা' বাতিল কৰা আৰু 'কৃষি আইন' বাতিল কৰাকে আদি কৰি বিভিন্ন দাবী জনায় প্ৰতিবাদী ছাত্ৰ সংগঠনটোৱে ৷ অতি শীঘ্ৰে যদি চৰকাৰে এই আইন বাতিল নকৰে, তেনেহ'লে অনাগত দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-কা' বাতিলৰ দাবীৰে লখিমপুৰত আছুৰ ক’লা পতাকা উত্তোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.