ETV Bharat / city

আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ

author img

By

Published : Aug 25, 2021, 10:19 PM IST

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰডুমচাৰ অৰুণাচল প্ৰদেশৰ গেটৰ সন্মুখত বুধবাৰে প্ৰতীকী চেকগে’ট স্থাপন কৰি আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱর্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ।

ajycp-protest-inner-line-permit-demand-in-bordhumsa
আন্তঃৰাজ্যিক পাৰ প্ৰত্ৰ প্ৰৱৰ্তনৰ দাবীত বৰডুমচাত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

তিনিচুকীয়া, 25 আগষ্ট : অসম সীমামূৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সীমান্তত আন্তঃ ৰাজ্যিক চেকগেট স্থায়ীভাৱে স্থাপন কৰাৰ দীৰ্ঘদিনীয়া দাবীত বৰ্তমানেও অটল আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ । তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰডুমচাত অৰুণাচল প্ৰদেশৰ গেটৰ সন্মুখত বুধবাৰে প্ৰতীকী চেকগেট স্থাপন কৰি আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱর্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ।

ajycp-protest-inner-line-permit-demand-in-bordhumsa

ছাত্ৰ সংগঠনটোৱে জন্মলগ্নৰে পৰাই অসম তথা অসমৰ খিলঞ্জীয়া লোকৰ ভাষা, সংস্কৃতি, সাহিত্য, ঐতিহ্য, পৰম্পৰা আৰু জনগাঁঠনি যাতে চিৰদিনৰ বাবে সুৰক্ষিত হৈ থাকে তাৰ বাবে ধাৰাবাহিকভাৱে গণতান্ত্ৰিক সংগ্ৰাম চলাই আহিছে । পৰিষদৰ এই গণতান্ত্ৰিক আন্দোলনক কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰি আজি পৰ্যন্ত অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰবর্তনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ।

লগতে পঢ়কঃ জীৱন মৃত্যুৰে যুঁজি যুঁজি হাৰি গ’ল নন্দিতা

যাৰ ফলশ্ৰুতিত বুধবাৰে যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত ডিগবৈ আঞ্চলিক সমিতিৰ আৰু পেঙেৰি বৰডুমচা আঞ্চলিক সমিতিৰ উদ্যোগত অসম-অৰুণাচল সীমান্তৱৰ্তী বৰডুমচা গেটৰ সন্মুখত প্ৰতীকী চেকগে’ট স্থাপনেৰে অতি শীঘ্ৰে অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ( ইনাৰ লাইন পাৰ্মিট) প্ৰৱর্তনৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় ।

প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে কেইবাঘণ্টা যোৰা প্ৰতিবাদ সাব্যস্ত কৰি অসম তথা খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে শীঘ্ৰে আন্তঃৰাজ্যিক পাৰ পত্ৰ ( ইনাৰ লাইন পাৰ্মিট) প্ৰৱর্তনৰ ব্যৱস্থা কৰক, অসমৰ সীমা সমস্যাৰ স্থায়ী সমাধান কৰক, অসমৰ পৰা বিদেশী বিতাৰণ কৰক, খিলঞ্জীয়া অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

দীৰ্ঘদিনীয়া আন্তঃৰাজ্যিক পাৰ পত্ৰ চেক গেট স্থাপনৰ বাবে সংগঠনটোৱে কৰা দাবীক চৰকাৰে কেনেদৰে হাতত লয় সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়কঃ ট'কিঅ' অলিম্পিকৰ চীফ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.