তিনিচুকীয়া,12 ডিচেম্বৰঃ আজি তিনিচুকীয়া জিলাৰ জয়া নগৰস্থিত স্বর্গীয় নিশান চুতীয়াৰ বাসগৃহত ৰিবু প্ৰডাকচনৰ নিবেদনত চৌবিক মৰাণ আৰু উপসনা বকলীয়ালৰ প্ৰযোজনাৰে জোন জোনাকৰ সংগীতেৰে কণ্ঠ শিল্পী ৰাজীৱ শদিয়াৰ 'মোক এৰিলেও তুমি স্মৃতি থাকি যাব" শীৰ্ষক গীতটো মুকলি কৰা হয় ৷ ৰাজীৱ শদিয়াৰ এই নতুন গীতটো মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ।
উল্লেখযোগ্য যে, কণ্ঠশিল্পী ৰাজীৱ শদিয়াই ইতিমধ্যে বিভিন্ন সময়ত জাতি-মাটিৰ গান গাই সমগ্ৰ অসমতে নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । কিন্তু এইবাৰ পুনৰ নতুন ৰূপত এটা ৰোমাণ্টিক গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিছে।
ৰাজীৱ শদিয়াৰ এই গীতটো উন্মোচন কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে, জাতি মাটি ভেটিৰ বাবে শিল্পী ৰাজীৱ শদিয়াক গাই যাবলৈ আহ্বান জনাই । এজন গন শিল্পী হবলৈ বহু কষ্ট চেষ্টা অব্য়াহত ৰাখিব লাগিব ৷ এটা গীতে সমগ্ৰ দেশতেই এক বিপ্লৱৰ সুচনা কৰিব পাৰে ৷ গতিকে জাতিৰ বাবে দহৰ বাবে গীত যাবলৈ ৰাজীৱ শদিয়াক আহ্বান জনাই লুৰীণজ্যোতি গগৈয়ে ৷
লগতে পঢ়ক- নলবাৰীত আছুৰ ক’লা দিন পালন